ETV Bharat / state

Jignesh Mevani latest news : বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জিগনেশ মেৱানীক - বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে জিগনেশ মেৱানীক

কোকৰাঝাৰৰ গোচৰত জামিন পোৱাৰ পাচতো পুনৰ গ্ৰেপ্তাৰ হ’ল গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানী (Jignesh Mevani latest news)৷ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মেৱানীক ৷ মেৱানীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 294/ 323/ 353/ 354 ধাৰাত ৰুজু হৈছে গোচৰ ৷

Jignesh Mevani latest news
Jignesh Mevani latest news
author img

By

Published : Apr 25, 2022, 5:34 PM IST

নিউজ ডেস্ক, 25 এপ্ৰিল: পুনৰ গ্ৰেপ্তাৰ কৰা হ’ল জিগনেশ মেৱানীক (Jignesh Mevani arrested by Barpeta Police)৷ বৰপেটা থানাত ৰুজু হোৱা এটা গোচৰত গ্ৰেপ্তাৰ কৰা হয় মেৱানীক ৷ কোকৰাঝাৰ আদালত চৌহদৰ পৰাই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মেৱানীক ৷ বৰপেটা থানাত 81/22 নম্বৰত মেৱানীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এটা গোচৰ ৷ ভাৰতীয় দণ্ডবিধি আইনৰ 294/ 323/ 353/ 354 ধাৰা সন্নিৱিষ্ট হৈ আছে এই গোচৰত (Case against Jignesh Mevani) ৷

উল্লেখ্য যে, সোমবাৰে কোকৰাঝাৰ থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰে জিগনেশ মেৱানীয়ে ( Jignesh Mevani granted bail) ৷ কিন্তু আন এক গোচৰৰ বাবে পুনৰ গ্ৰেপ্তাৰ হ’ব লগীয়া হয় গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতাগৰাকী ৷ কোকৰাঝাৰ সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত জিগনেশ মেৱানীৰ বিৰুদ্ধে ১২০ (বি)/১৫৩ (এ)/২৯৫ (এ)/৫০৪/৫০৫ (এ) (বি (চি) (২) ধাৰা আৰু আই টি আইনৰ ৬৬ ধাৰাৰ অধীনত ১৮৩/২০২২ নম্বৰৰ গোচৰ ৰুজু কৰা হৈছিল ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কেইবাটাও আপত্তিজনক টুইট কৰাৰ বাবে অনুপ কুমাৰ দে’ নামৰ এজন লোকে কোকৰাঝাৰ থানাত গোচৰ দাখিল কৰিছিল জিগনেশ মেৱানীৰ বিৰুদ্ধে (Jignesh Mevani tweet on PM Modi)৷

অসম আৰক্ষীয়ে যোৱা বুধবাৰে নিশা প্ৰায় 11.30 বজাত পালামপুৰস্থিত আৱৰ্ত ভৱনৰ পৰা অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিধায়ক তথা দলিত নেতা মেৱানীক(Jignesh Mevani arrested) ৷ অসমলৈ অনাৰ পাচত আৰক্ষীয়ে 10 দিনৰ বাবে মেৱানীক নিজৰ জিম্মাত বিচাৰে যদিও আদালতে মাত্ৰ 3 দিনৰ বাবেহে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷ বৰ্তমান বৰপেটালৈ আনি থকা হৈছে জিগনেশ মেৱানীক ৷

লগতে পঢ়ক: Jignesh Mevani latest update : আদালতে জামিন প্ৰদান কৰিলে জিগনেশ মেৱানীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.