বৰপেটা, 19 ছেপ্টেম্বৰ: বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হ’ল জিগনেশ মেৱানি ৷ গুজৰাটৰ কংগ্ৰেছ বিধায়ক জিগনেছ মেৱানিৰ বিৰুদ্ধে বৰপেটা ৰোড থানাত ৰুজু হোৱা এটা গোচৰ মৰ্মে মঙলবাৰে বিধায়কগৰাকী বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হয় ৷
ইয়াৰ পূৰ্বে 17 জুলাই আৰু 25 আগষ্টত বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হৈছিল জিগনেশ মেৱানি ৷ আজি আদালতত হাজিৰ হোৱাৰ পিছত জিগনেশ মেৱানিয়ে সাংবাদিকৰ আগত জনোৱা মতে, ‘‘তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা ভাৰতীয় দণ্ডবিধিৰ 294 আৰু 353 ধাৰা দুটাৰ পৰা আদালতে তেওঁক ৰেহাই দিছে ৷ অৱশ্যে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা আন দুটা ধাৰাৰ ওপৰত বিচাৰ চলি থাকিব ৷’’ আদালতে অক্টোবৰত পুনৰ শুনানীৰ দিন ধাৰ্য কৰাৰ কথা প্ৰকাশ কৰে মেৱানীয়ে ৷
উল্লেখ্য যে 2022 চনৰ 21 এপ্ৰিলত বৰপেটা ৰোড থানাত 81/2022 নম্বৰ এজাহাৰৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ 294/323/353/354 ধাৰাত ৰুজু হোৱা গোচৰ মৰ্মে জিগনেশ মেৱানীক বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ মূলতঃ ৰাজহুৱা দায়িত্ব পালনত বাধা আৰু মহিলা আৰক্ষীৰ শালীনতা ভংগৰ অভিযোগত বিধায়কগৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ মৰ্মে চলিত থকা বিচাৰ প্ৰক্ৰিয়াৰ বাবে আজি আদালতত হাজিৰ হয় জিগনেশ মেৱানীৰ ৷
ইফালে, তেলেংগানাত কংগ্ৰেছৰ প’ষ্টাৰত ছোনীয়া গান্ধীক ‘ভাৰত মাতা’ হিচাপে প্ৰদৰ্শন কৰাক লৈ জিগনেশ মেৱানীৰ মন্তব্য, ‘‘এই দেশৰ সকলো মহিলাই ভাৰত মাতা ৷’’ ছোনীয়া গান্ধীক লৈ সৰব হৈ থকা বিজেপিক মেৱানীয়ে প্ৰশ্ন কৰি কয় যে মণিপুৰ, মধ্যপ্ৰদেশত মহিলাক বলাৎকাৰক লৈ বিজেপি আৰু মোদী মৌন কিয় ?
চৰ্চিত I.N.D.I.A. বিতৰ্ক সন্দৰ্ভত তেওঁ কয় যে ‘ভাৰত’, ‘হিন্দুস্তান’ অথবা ‘ইণ্ডিয়া’ যি নামেই ব্যৱহাৰ নকৰক কিয় এতিয়াও দেশত 4 কোটি লোকৰ ঘৰত বিজুলী নাই, প্ৰায় 40 কোটি লোক কৰ্মসংস্থাপনহীন, 20 কোটি লোকৰ ঘৰ নাই ৷ নাম যিয়েই নহওক, এই সমস্যাসমূহৰ সমাধানহে মূল কথা বুলি মেৱানীয়ে উল্লেখ কৰে ৷ লগতে I.N.D.I.A. ব্লকে সমগ্ৰ দেশতে ভাল প্ৰদৰ্শন কৰিব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক: Jignesh Mevani in Barpeta : বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত পুনৰ হাজিৰ জিগনেশ মেৱানী