বৰপেটা, 28 ছেপ্টেম্বৰঃ দুৰ্ধৰ্ষ শীৰ্ষ জেএমবি নেতা শ্বাহানুৰ আলম বৰপেটাৰ চতলাৰ স্ব-গৃহত উপস্থিত ৷ জেএমবি নেতাজন পশ্চিমবংগৰ দমদম কেন্দ্ৰীয় কাৰাগাৰৰ পৰা আহি উপস্থিত হয় চতলাৰ নিজ গৃহত ৷ পিতৃৰ মৃত্যুৰ বাবে এদিনৰ জামিনত স্ব-গৃহত উপস্থিত হয় কলকাতাৰ কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ থকা জেহাদীগৰাকী ৷ শ্বাহানুৰৰ সৈতে আছে কলকাতা আৰক্ষীৰ এটা দল ৷ 2014 চনত পশ্চিমবংগৰ খাগ্ৰাগড়ত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত হৈছিল শ্বাহানুৰ আলম ৷
কিছুদিন পূৰ্বে নিয়াৰ আদালতে 8 বছৰৰ কাৰাদণ্ডৰ ৰায় প্ৰদান কৰিছিল শ্বাহানুৰ আলমক ৷ পত্নী চুজিনা বেগমৰ সৈতে গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল শ্বাহানুৰ ৷ তাৰপিচতে চলিছিল বিচাৰ প্ৰক্ৰিয়া ৷ জেএমবি নেতাজন চতলাৰ নিজ গৃহত উপস্থিত হোৱাক লৈ ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা হাতত লৈছে প্ৰশাসনে ৷