ETV Bharat / state

বৰপেটাত গ্ৰেপ্তাৰ জেহাদী !

উচ্চস্তৰীয় সূত্ৰৰ তথ্যৰ ভিত্তিত ভবানীপুৰ আৰক্ষীয়ে বৰপেটা কাৰাগাড়ী গাঁৱৰ পৰা এজন জেএমবি সদস্য গ্ৰেপ্তাৰ কৰাৰ লগতে আন এজন জেএমবি সদস্যক কয়াকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বৰপেটাৰ পৰা ৷

বৰপেটাত গ্ৰেপ্তাৰ জেএমবি সদস্য
author img

By

Published : Jul 31, 2019, 8:43 AM IST

বৰপেটা,31জুলাই : মঙলবাৰে পুৱতি নিশা আৰক্ষীৰ জালত পৰে দুজনকৈ দুধৰ্ষ জেএমবি সদস্য ৷ উচ্চস্তৰীয় সূত্ৰৰ তথ্যৰ ভিত্তিত ভবানীপুৰ আৰক্ষীয়ে বৰপেটা কাৰাগাড়ী গাঁৱৰ পৰা এজন জেএমবি সদস্য গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীৰ জালত পৰা জেহাদীজন কাৰাগাড়ী গাঁৱৰ ৰহিচ উদ্দিনৰ জ্যেষ্ঠপুত্ৰ হাফিজুৰ ৰহমান বুলি আৰক্ষীয়ে সদৰী কৰিছে ৷ আৰক্ষীয়ে জনোৱা মতে, হাফিজুৰ ৰহমান নামৰ জেহাদীটোৰ পৰা এটা হস্তনিৰ্মিত পিষ্টলসহ চাৰিজাই সক্ৰিয় গুলি উদ্ধাৰ কৰা হৈছে ৷আনহাতে, সৰুক্ষেত্ৰীৰ কয়াকুছি আৰক্ষী চকীৰ অধীনৰ কয়াকুছি পাম গাঁৱৰ পৰাও এজন জেহাদীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ কয়াকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহাদীটো কয়াকুছি পাম গাৱৰ আনোৱাৰ হুছেইনৰ পুত্ৰ ইয়াকুব আলী ৷

বৰপেটাত গ্ৰেপ্তাৰ জেএমবি সদস্য

শেহতীয়াভাৱে কয়াকুছিৰ পৰা ছৰিফুল ইছলাম নামৰ আন এটা জেহাদীকো আটক কৰে আৰক্ষীয়ে ৷ একেটা দিনতে বৰপেটা জিলাত তিনিটাকৈ জেএমবি সদস্য আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাক লৈ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ স্বাধীনতা দিৱসৰ পূৰ্বে বৰপেটা আৰক্ষীয়ে জেএমবিৰ সৈতে জড়িত তিনি জেহাদী গ্ৰেপ্তাৰ কৰাৰ পিচতে আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে সংবাদমেল সম্বোধন কৰি গ্ৰেপ্তাৰ হোৱা জেহাদীকেইজনে অস্ত্ৰ প্ৰশিক্ষণ লোৱা বুলি প্ৰকাশ কৰে ৷ তেওঁ সদৰী কৰা মতে, ২০১৪ চনতে বাংলাদেশৰ দূধৰ্ষ জেহাদী ছাকিল আহমেদে দিছিল এই তিনি জেহাদীক অস্ত্ৰৰ প্ৰশিক্ষণ ৷ বৰপেটা আৰু নলবাৰীৰ সীমামূৰীয়া কিছু অঞ্চলত বাংলাদেশৰ জেএমবিৰ জেহাদী ছাকিল আহমেদে দিছিল অস্ত্ৰৰ প্ৰশিক্ষণ ৷ বাংলাদেশৰ অস্ত্ৰ প্ৰশিক্ষক ছাকিল আহমেদ নিহত হৈছিল বৰ্ধমানৰ বোমা বিস্ফোৰনত ৷ তিনি জেহাদীক মাৰাথন জেৰা অব্যাহত ৷ ইপিনে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সদৰী কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে

Intro:

বৰপেটা, ৩০ জুলাইঃ বাংলাদেশৰ দূধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন জামাত ঈ মুজাহিদিনৰ অসম মড্যুলৰ ঘাটি হিচাপে চিহ্নিত বৰপেটাত পুনৰ আৰক্ষীৰ জালত পৰিল তিনিজনকৈ জেহাদী সদস্য ৷ আজি পুৱতি নিশা উচ্চস্তৰীয় সূত্ৰৰ তথ্যৰ ভিত্তিত ভবানীপুৰ আৰক্ষীয়ে বৰপেটা কাৰাগাড়ী গাৱৰ পৰা এটা দূধৰ্ষ জেএমবি সদস্যক গ্ৰেপ্তাৰ কৰে ৷ Body:আৰক্ষীৰ জালত পৰা জেহাদীটো কাৰাগাড়ী গাৱৰ ৰহিচ উদ্দিনৰ জ্যেষ্ঠপুত্ৰ হাফিজুৰ ৰহমান বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷ আৰক্ষীয়ে জনোৱা মতে, হাফিজুৰ ৰহমান নামৰ জেহাদীটোৰ পৰা এটা হস্তনিৰ্মিত পিষ্টলসহ চাৰিজাই সক্ৰিয় গুলি উদ্ধাৰ কৰা হৈছে ৷ আনহাতে আজি আবেলি সৰুক্ষেত্ৰীৰ কয়াকুছি আৰক্ষী চকীৰ অধীনৰ কয়াকুছি পাম গাৱৰ পৰাও এটা জেহাদীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ কয়াকুছি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহাদীটো কয়াকুছি পাম গাৱৰ আনোৱাৰ হুছেইনৰ পুত্ৰ ইয়াকুব আলী ৷
শেহতীয়াভাৱে কয়াকুছিৰ পৰা ছৰিফুল ইছলাম নামৰ আন এটা জেহাদীকো আটক কৰিছে আৰক্ষীয়ে ৷
একেটা দিনতে বৰপেটা জিলাত তিনিটাকৈ জেএমবি সদস্য আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ঘটনাক লৈ জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
ইপিনে তিনি জেহাদী আৰক্ষীৰ জালত পৰাৰ পিচতে আৰক্ষীৰ এই বৃহৎ সফলতাক লৈ বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে এক সংবাদমেল সম্বোধন কৰে ৷ স্বাধীনতা দিৱসৰ পূৰ্বে বৰপেটা আৰক্ষীয়ে জেএমবিৰ সৈতে জড়িত তিনি জেহাদী গ্ৰেপ্তাৰ কৰাৰ পিচতে আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰে সংবাদমেল সম্বোধন কৰি গ্ৰেপ্তাৰ তিনওটা জেহাদীয়ে অস্ত্ৰ প্ৰশিক্ষন লোৱা বুলি প্ৰকাশ কৰে ৷ তেও সদৰি কৰা মতে ২০১৪ চনতে বাংলাদেশৰ দূধৰ্ষ জেহাদী ছাকিল আহমেদে দিছিল এই তিনি জেহাদীক অস্ত্ৰৰ প্ৰশিক্ষন ৷ বৰপেটা আৰু নলবাৰীৰ সীমামূৰীয়া কিছু অঞ্চলত বাংলাদেশৰ জেএমবিৰ জেহাদী ছাকিল আহমেদে দিছিল অস্ত্ৰৰ প্ৰশিক্ষন ৷ বাংলাদেশৰ অস্ত্ৰ প্ৰশিক্ষক ছাকিল আহমেদ নিহত হৈছিল বৰ্ধমানৰ বোমা বিস্ফোৰনত ৷ তিনি জেহাদীক মাৰাথন জেৰা অব্যাহত ৷ ইপিনে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সদৰি কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷
Conclusion:
বাইটঃ এছপি, বৰপেটা ৷

---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.