ETV Bharat / state

বিগত এমাহে বানৰ কৱলত বৰডাঙ্গা-কামাৰপাৰাবাসী

author img

By

Published : Jul 13, 2020, 8:43 AM IST

বৰপেটাৰ বৰডাঙ্গা আৰু কামাৰপাৰা অঞ্চলৰ বানপীড়িত লোকসকলৰ ওচৰত উপস্থিত হোৱা নাই বৰপেটা জিলা প্ৰশাসন ৷ বেঁকী নৈৰ বাঢ়নি পানীয়ে ভাবুকি কঢ়িয়াই অনা বৰডাঙ্গা মথাউৰী মেৰামতিৰ ক্ষেত্ৰতো জলসম্পদ বিভাগৰ নাই কোনো গুৰুত্ব ৷

Janiya Bardanga Kamarpara flood
বানৰ কৱলত বৰডাঙ্গা-কামাৰপাৰাবাসী

জনিয়া,13 জুলাইঃ বৰপেটা জিলাৰ জনিয়া সমষ্টিত অপৰিৱৰ্তিত হৈ আছে বেঁকী নৈৰ বান ৷ বিগত প্ৰায় এমাহে নৈপৰীয়া গাঁওসমূহত বানে সন্ত্ৰাস চলোৱাৰ ফলত বিশুদ্ধ খোৱাপানী, খাদ্য আৰু পশুখাদ্যৰ অভাৱে দেখা দিছে বন্যাৰ্তৰ মাজত ৷ ইয়াৰ উপৰিও চৰাঞ্চলসমূহত এতিয়াও আবদ্ধ হৈ আছে বহু পৰিয়াল ৷

বানৰ কৱলত বৰডাঙ্গা-কামাৰপাৰাবাসী

সমান্তৰালকৈ বৰপেটাৰ বৰডাঙ্গা আৰু কামাৰপাৰা অঞ্চলৰ বানপীড়িত লোকসকলৰ ওচৰত উপস্থিত হোৱা নাই বৰপেটা জিলা প্ৰশাসনৰ লোক ৷ আনহাতে, ক্ৰমাৎ আৰু বৃদ্ধি পোৱা বেঁকী নৈৰ বাঢ়নি পানীয়ে ভাবুকি কঢ়িয়াই অনা বৰডাঙ্গা মথাউৰী মেৰামতিৰ ক্ষেত্ৰতো জলসম্পদ বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ ৰাইজৰ ৷ এইক্ষেত্ৰত বৰপেটা জিলা প্ৰশাসন আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অতিশীগ্ৰে বানাক্ৰান্ত লোকসকলক সাহাৰ্য প্ৰদানৰ লগতে মথাউৰি মেৰামতিৰ বাবে দাবী জনায় জনিয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে ।

লগতে পঢ়ক-কোভিড 19ত মৃত্যু হিন্দু সংহতিৰ প্ৰতিস্থাপক তপন ঘোষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.