ETV Bharat / state

জনীয়াত আমছুৰ সঁজাতি দলৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন

author img

By

Published : May 30, 2021, 5:32 PM IST

জনীয়া সমষ্টিৰ ডাউকমাৰি, জনীয়া, চৌধুৰী বজাৰ আৰু ছনপুৰাত বেঁকী নদীৰ ভয়ংকৰ গৰাখহনীয়া । চপৰা চপৰে উচন হৈছে নৈ পৰীয়া ৰাইজৰ ভেটি মাটি । গৰা খহনীয়াত ক্ষতিগ্ৰস্ত লোকৰ মাজত হাহাকাৰ পৰিস্থিতি ।

জনীয়াত আমছুৰ সঁজাতি দলৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন
জনীয়াত আমছুৰ সঁজাতি দলৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন

জনীয়া, 30 মে': জনীয়া সমষ্টি আৰু বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ডাউকমাৰি, জনীয়া, চৌধুৰী বজাৰ আৰু ছনপুৰা আদি অঞ্চলত অব্যাহত আছে বেঁকী নদীৰ গৰাখহনীয়া । শস্য শ্যামলা খেতি পথাৰৰ লগতে কেবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ, শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান আদি নৈৰ বুকুত জাহ যোৱাত সৰ্বহাৰা হৈ পৰিছে ৰাইজে । চৰকাৰ তথা স্থানীয় জন প্ৰতিনিধিয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে আমছু কৰ্মী ।

দেওবাৰে আমছুৰ এক সঁজাতি দলে জনীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজৰ বুজ লয় ৷ লগতে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহ সাধাৰণ সম্পাদক লুতফৰ ৰহমান আৰু কলগাছিয়া জিলা আমছুৰ সভাপতি শাৰিফুল ইছলাম আৰু সাধাৰণ সম্পাদক শাজাহান অলিয়ে চৰকাৰ, জিলা প্ৰশাসন, জনীয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকক তৎকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷

গৰাখহনীয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় আমছুৰ নেতাসকলে । অন্যথা অনাগত দিনত ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে আমছুৰ বিষয়ববীয়াই । উল্লেখ্য যে, বিগত কেইদিন ধৰি জনীয়াত বেঁকী নদীৰ গৰীখহনীয়াৰ বাতৰি ই টিভিত ধাৰাবাহিকভাৱে পৰিৱেশন কৰাৰ পৰিপেক্ষিতত শনিবাৰে জনীয়াৰ বিধায়কে উক্ত স্থান পৰ্যবেক্ষণ কৰি ক্ষতিগ্ৰস্থৰ বুজ লয় ৷

লগতে পঢ়ক : বৰবৰুৱাৰ ৰামেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সাজু ৯৩ খন বিচনাযুক্ত ক'ভিড চেণ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.