ETV Bharat / state

NRC ৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম

author img

By

Published : Feb 15, 2020, 3:22 PM IST

ৱেবছাইটৰ পৰা এন আৰ চিৰ তালিকাখন নোহোৱা হোৱা কাৰ্য উদ্দেশ্যপ্ৰণোদিত বুলিও প্ৰকাশ কৰে বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে ৷ এই ক্ষেত্ৰত অসম চৰকাৰক উচ্চতম ন্যায়ালয়ত শপত নামা দাখিল কৰিবলৈ আহ্বান জনায়।

ড৹ হাফিজ ৰফিকুল ইছলাম
ড৹ হাফিজ ৰফিকুল ইছলাম

কলগাছিয়া, 15 ফেব্ৰুৱাৰীঃ যোৱা 31 আগষ্টত প্ৰকাশ পাইছিল ৰাজ্যৰ বহু প্ৰত্যাশিত এনআৰচিৰ চূড়ান্ত তালিকা ৷ ৰাইজৰ সুবিধাৰ্থে ৱেবছাইটত উপলব্ধ কৰা হৈছিল চুড়ান্ত তালিকাখন ৷ এন আৰ চিৰ চুড়ান্ত তালিকাত ৰাজ্যৰ ৩ কোটি ১১ লাখ মানুহৰ নাম প্ৰকাশ পোৱাৰ বিপৰীতে ১৯ লাখ ৬ হেজাৰ মানুহৰ নাম বাদ পৰিছিল । এন আৰ চিৰ তালিকাত নাম প্ৰকাশ পোৱা লোকক পৰিচয় পত্ৰ প্ৰদান আৰু এন আৰ চিৰ পৰা ১৯ লাখ লোকৰ নাম বাদ পৰাৰ কাৰণ দৰ্শোৱাৰ লগতে তেওঁলোকক পুনৰ আপত্তি কৰাৰ সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনায় জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে । ইমানেই নহয়, এন আৰ চিৰ সমন্বয়কক তালিকাখন ৱেবছাইটত উপলব্ধ কৰিবলৈ দাবী জনায়। ৱেবছাইটৰ পৰা এন আৰ চিৰ তালিকাখন নোহোৱা হোৱা কাৰ্য উদ্দেশ্যপ্ৰণোদিত বুলিও প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷ এই ক্ষেত্ৰত অসম চৰকাৰক উচ্চতম ন্যায়ালয়ত শপত নামা দাখিল কৰিবলৈ আহ্বান জনায়। অন্যথা বিধায়ক গৰাকীয়ে এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি জানিবলৈ দিয়ে ।

জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ সংবাদমেল

লগতে পঢ়কঃ আমগুৰিত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.