ETV Bharat / state

শংকৰ-আজান একাডেমিলৈ গৌৰৱ কঢ়িয়ালে দৰিদ্ৰ শিক্ষাৰ্থীয়ে - Kalgachia rampur Ajmina yesmin

কলগাছিয়াৰ ৰামপুৰ গাঁৱৰ কৃতি ছাত্ৰী আজমিনা ইয়াচমিনে ৰঙাপানীস্থিত শংকৰ-আজান একাডেমিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। গান গাই ভাল পোৱা দৰিদ্ৰ ছাত্ৰী গৰাকীৰ এই কৃতিত্বত উৎফুল্লিত একাডেমিৰ লগতে অঞ্চলবাসী।

Jania
শংকৰ-আজান একাডেমিলৈ গৌৰৱ কঢ়িয়ালে দৰিদ্ৰ শিক্ষাৰ্থীয়ে
author img

By

Published : Jun 29, 2020, 1:17 PM IST

জনীয়া, 29 জুন : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত 85 শতাংশ নম্বৰেৰে বৰপেটা জিলাৰ কলগাছিয়াৰ ৰামপুৰলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আজমিনা ইয়াচমিন নামৰ এগৰাকী ছাত্ৰীয়ে ৷ এজন ক্ষুদ্ৰ খেতিয়কৰ কন্যা আজমিনাই প্ৰতিটো বিষয়তে লেটাৰ নম্বৰ পাবলৈ সক্ষম হৈছে ৷ আজমিনাৰ এই কৃতিত্বত গৌৰম্বিত শংকৰ-আজান একাডেমিৰ শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে পৰিচালনা সমিতি ৷ অতি দৰিদ্ৰ পৰিয়ালৰ আজমিনাই পঢ়াৰ মাজতে মাতৃকো কামত সহায় কৰিবলগীয়া হৈছিল ৷ সময় সাপেক্ষে সকলো সুবিধা নাপালেও নিজৰ দায়িত্ব পালন কৰি পৰৱৰ্তী প্ৰজন্মক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে আজমিনা ৷ ভৱিষ্যতে প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰাখিছে আজমিনাই ৷

শংকৰ-আজান একাডেমিলৈ গৌৰৱ কঢ়িয়ালে দৰিদ্ৰ শিক্ষাৰ্থীয়ে

লগতে পঢ়কঃ কলগাছিয়াত যুৱকৰ সন্দেহজনক হত্যাকাণ্ড

আনহাতে, আজমিনা অধ্যনত শংকৰ-আজান একাডেমিৰ পৰা মুঠ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এইবেলি উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে তিনি গৰাকীয়ে ষ্টাৰ নম্বৰ পোৱাৰ লগতে ১২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগত, তিনি গৰাকীয়ে দ্বিতীয় বিভাগত আৰু এগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে এশ সতাংশ উৰ্ত্তীৰ্ণৰে জিলিকি উঠিছে একাডেমিখন।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.