জনীয়া, ৫ ফেব্ৰুৱাৰী: নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে । শুক্ৰবাৰে এক আছুতীয়া সাক্ষাৎকাৰত জনীয়া সমষ্টিৰ বিধায়ক ড৹ ৰফিকুল ইছলামে বিজেপি দল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে । তেওঁ কয় যে, বিজেপিয়ে পূৰ্বে শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ জৰিয়তে মোগল,মিঞা,হিন্দু, মুছলমান,মন্দিৰ-মছজিদ আদিৰ প্ৰসংগ উত্থাপন কৰি ভোটাৰক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল । কিন্তু এই কৌশল কামত নহা বাবে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিজেই এই কাম কৰিবলৈ আগবাঢ়িছে বুলি তীৰ্যক মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে ।
তেওঁ লগতে কয় যে, অসমত যদি কোনো জনগোষ্ঠীয়ে মিঞা নামেৰে সুকীয়া পৰিচয় লাভ কৰে তেন্তে তাৰ জন্মদাতা হ'ব মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ড৹ ৰফিকুল ইছলামে আৰু কয়, যি জাতিয়ে নিজক অসমীয়া হিচাপে পৰিচয় দি ভাল পায়, অসমীয়া ভাষা, কৃষ্টি-সংস্কৃতি আঁকোৱালি লৈছে তেওঁলোকক মিঞা বুলি তাচ্ছিল্য কৰাটো গৰিহণাৰ যোগ্য ।
ইপিনে, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এ আই ইউ ডি এফ আৰু বিজেপিক সাম্প্ৰদায়িক দল আখ্যা দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কগৰাকীয়ে কয়, বিজেপি দল সাম্প্ৰদায়িক দল । ইয়াৰ উপৰিও ইয়াৰ আগৰ নিৰ্বাচনত বিজেপিক ক্ষমতালৈ অহাৰ ক্ষেত্ৰত আছুৱে সহায় কৰিছিল বুলিও বিস্ফোৰক মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে ।
লগতে পঢ়ক:নগাঁৱত AJYCP ৰ প্ৰতিবাদত আৰক্ষীৰ বাধা