ETV Bharat / state

কলগাছিয়াত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সভা সম্পন্ন - কলগাছিয়া

২৬ নৱেম্বৰত দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰাৰ বাবে সদৌ অসম নিৰ্মাণ শ্ৰমিকৰ কলগাছিয়া আঞ্চলিক কমিটিৰ উদ্যোগত শুকুৰবাৰে পূব কলগাছিয়াত নিৰ্মাণ শ্ৰমিকক সম্বৰ্ধনা আৰু নিৰ্মাণ শ্ৰমিক পঞ্জীয়নৰ প্ৰচাৰ সন্দৰ্ভত সভা অনুষ্ঠিত কৰা হয়।

jania-labour-union-meeting
কলগাছিয়াত নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ সভা সম্পন্ন
author img

By

Published : Nov 20, 2020, 10:36 PM IST

জনীয়া, 20 নৱেম্বৰ : আগন্তুক ২৬ নৱেম্বৰত দেশজোৰা সাধাৰণ ধৰ্মঘট সফল কৰাৰ বাবে সদৌ অসম নিৰ্মাণ শ্ৰমিকৰ কলগাছিয়া আঞ্চলিক কমিটিৰ উদ্যোগত শুকুৰবাৰে পূব কলগাছিয়াত নিৰ্মাণ শ্ৰমিকক সম্বৰ্ধনা আৰু নিৰ্মাণ শ্ৰমিক পঞ্জীয়নৰ প্ৰচাৰ সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰা হয়।

বিশিষ্ট সাংবাদিক জাহিদুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়ায় নিৰ্মাণ শ্ৰমিকৰ ৰাজ্যিক কমিটিৰ যুটীয়া সম্পাদক চান মামুদ আহমেদে। সভাত পেঞ্চন প্ৰাপ্ত নিৰ্মাণ শ্ৰমিক ময়নাল হক আৰু আব্দুল মান্নানক ৰাজহুৱাকৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে নিৰ্মাণ শ্ৰমিকৰ কলগাছিয়া আঞ্চলিক কমিটিৰ সম্পাদক আব্দুল ছালাম,কোষাধ্যক্ষ মজিবৰ ৰহমান,গাঁওবুঢ়া আব্দুল মান্নান, শিক্ষক ইছলাম উদ্দিনৰ লগতে একাংশ সমাজকৰ্মীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে অহা ২৬ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা দেশ জোৰা সাধাৰণ ধৰ্মঘটত উপস্থিত থাকিবলৈ সকলোকে আহ্বান জনায়।

লগতে পঢ়ক: তিনিচুকীয়াৰ হাপজান বৰনামঘৰৰ ১২১ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান সম্পন্ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.