ETV Bharat / state

পথ মৰণফান্দলৈ পৰিণত জনীয়া-হাউলী সংযোগী গড়কাপ্তানী পথ

author img

By

Published : Sep 17, 2019, 10:02 AM IST

জুলাই মাহৰ বিধ্বংসী বানে জনীয়া-হাউলী সংযোগী গড়কাপ্তানী পথৰ বিভিন্ন অংশ খহাই নিয়াৰ পাছত বৰ্তমানে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

পথ মৰণফান্দলৈ পৰিণত জনীয়া-হাউলী সংযোগী গড়কাপ্তানী পথ

বৰপেটা,17 চেপ্তেম্বৰঃ বৰপেটা জিলাৰ অন্তৰ্গত জনীয়া-হাউলী সংযোগী গড়কাপ্তানী পথটো মৰণফান্দলৈ পৰিণত হৈছে ৷ জুলাই মাহৰ বিধ্বংসী বানে পথটোৰ বিভিন্ন অংশ খহাই নিয়াৰ পাছত বৰ্তমানে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই পথটো মেৰামতিৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ মঙলবাৰে পুৱা বালি কঢ়িওৱা এখন ট্ৰেক্টৰৰ চকা পথটোত সোমাই যোৱাৰ ফলত পথৰ দুয়োফালে এম্বুলেঞ্চকে ধৰি কেইবাখনো যান বাহন ঘন্টাৰ পাছত ঘন্টা আবদ্ধ হৈ পৰে ৷ উল্লেখযোগ্য যে,পথটোৰ এনে দুৰৱস্থাই যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত কৰাৰ আশংকাও প্ৰৱল কৰি তুলিছে যাৰ বাবে স্থানীয় ৰাইজে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক পথটো মেৰামতি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে ৷

Intro:slug: as_jania_17sep_decrepit_pwd_road_vis2+byt2+pho1_spl_story_asc10058

Anchor: মৰণফান্দত পৰিণত জনীয়া-হাউলী গড়কাপ্তানি পথ। ঘন্টাৰ পাছত ঘন্টালৈকে পথটোত ফাঁচী থাকিল এখন টেক্টৰ। ফলত আবদ্ধ হৈ পৰিল ৰোগীৰ গাড়ীকে ধৰি বহু জনৰ চাৰি চকীয়া বাহন।Body:slug: as_jania_17sep_decrepit_pwd_road_vis2+byt2+pho1_spl_story_asc10058

VO: বৰপেটা জিলাৰ অতি ব্যস্ততাপূৰ্ণ জনীয়া-হাউলী গড়কাপ্তানি পথটো সম্প্ৰতি মৰণফান্দত পৰিণত হৈছে। যোৱা বানপানীত পথটোৰ বিভিন্ন ঠাইত খহাই নিছিল। বানপানী হৈ যোৱাৰ প্ৰায় দুমাহ হৈ গ'ল যদিও পৰবৰ্তী সময়ত পথটো মেৰামতিৰ বাবে বৰপেটা গড়কাপ্তানি বিভাগ তথা চৰকাৰে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। মঙ্গলবাৰে পুৱা বালি কঢ়িয়াই নিয়া এখন টেক্টৰ পথটোত ফাঁচী যায় ফলত দুয়োফালে ৰোগীৰ গাড়ীকে ধৰি বিভিন্ন জনৰ গাড়ী ঘন্টাৰ পাছত ঘন্টালৈকে আবদ্ধ হৈ পৰে। পথটোৱে কোন মূহুৰ্তত কাৰ প্ৰাণ কাঢ়ে তাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ কাৰণেও ভয়ংকৰ হৈ পৰিছে পথটো। জনীয়া-হাউলী গড়কাপ্তানি পথটোত সঘনাই সংঘটিত হৈ আহিছে সৰু-বৰ দুৰ্ঘটনা। যি সময়ত চৰকাৰে কোটি কোটি টকা খৰচ কৰি ব্ৰহ্মপুত্ৰ পুষ্পনৰ পৰিকল্পনা কৰিব পাৰে তেনে সময়ত জনীয়া-হাউলী গড়কাপ্তানিৰ এনে কদৰ্যময় অবস্থাই সকলোকে ভবাই তুলিছে। অতি শীঘ্ৰেই চৰকাৰক পথটো মেৰামতি কৰি দিবলৈ ৰাইজে আহ্বান লাইছে।Conclusion:slug: as_jania_17sep_decrepit_pwd_road_vis2+byt2+pho1_spl_story_asc10058

Byte: আবদ্ধ হৈ পৰা পথচাৰী ৰাইজৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.