ETV Bharat / state

নিৰ্বাচনী প্ৰচাৰ সভাত ক'লা পতাকা প্ৰদৰ্শনৰ হুংকাৰ আমছুৰ

জনীয়া সমষ্টিৰ অন্তৰ্গত সেওঁৰাচৰাত আমছুৰ পথ অৱৰোধ ৷ নিৰ্বাচনৰ পূৰ্বে পথ পকীকৰণ নকৰিলে নিৰ্বাচনী প্ৰচাৰ সভাত আমছুৱে প্ৰদৰ্শন কৰিব ক'লা পতাকা ।

জনীয়া সমষ্টিৰ অন্তৰ্গত সেওঁৰাচৰাত আমছুৰ পথ অৱৰোধ

author img

By

Published : Jan 14, 2021, 2:21 PM IST

জনীয়া,14 জানুৱাৰী : অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ দিনাই কলগাছিয়া জিলা আমছুৰ সহযোগত সেওঁৰাচৰা আঞ্চলিক আমছুৰ উদ্যোগত বৃহস্পতিবাৰে সেওঁৰাচৰা বজাৰৰ সমীপৰ পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সেওঁৰাচৰা অঞ্চলৰ কেইবাটাও ৰাস্তা পকীকৰণৰ দাবীত আমছুৱে পালন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ।

জনীয়া সমষ্টিৰ অন্তৰ্গত সেওঁৰাচৰাত আমছুৰ পথ অৱৰোধ
জনীয়া সমষ্টিৰ অন্তৰ্গত সেওঁৰাচৰাত আমছুৰ পথ অৱৰোধ

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই অঞ্চলৰ পথ সমূহ পকীকৰণ নকৰিলে নিৰ্বাচনী প্ৰচাৰ সভাত আমছুৱে ক'লা পতাকা প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন ধৰণে ব্যাঘাত জন্মাবলৈ বাধ্য হ'ব বুলি কয় প্ৰতিবাদকাৰী সকলে। ভোগালী বিহুৰ দিনাই আমছুৱে শতাধিক কৰ্মী সমৰ্থকক লগত লৈ কৰা এই প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰিছে । প্ৰতিবাদকাৰী সকলে বিধায়ক ড৹ ৰফিকুল ইছলাম মুৰ্দাবাদ সাংসদ আব্দুল খালেক মুৰ্দাবাদ আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

লগতে পঢ়কঃ অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা জনালে হৃত্বিক ৰৌছনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.