বৰপেটা, 25 ডিচেম্বৰ: ৰাজ্যত ঈশান উদয় জলপানিৰ নামত সংঘটিত হৈ আহিছে ব্যাপক কেলেংকাৰী(Ishan Uday Scholarship Scam) ৷ যি সমূহ তথ্য সময়ে সময়ে আহিছে পোহৰলৈ ৷ এইবাৰ ঈশান উদয় জলপানিৰ নামত কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত আটক হ’ল বৰপেটাৰ বানিয়াপাৰাস্থিত ‘জনপ্ৰিয় মহাবিদ্যালয়’ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ছিৰাজুল হক(Barpeta Ishan Uday Scam) ৷
দেওবাৰে মহাবিদ্যালয়ৰ পৰাই আৰক্ষীয়ে আটক কৰে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ছিৰাজুল হকক ৷ মহাবিদ্যালয়খনত সংঘটিত হোৱা জলপানিৰ কেলেংকাৰীৰ সন্দৰ্ভত সোধা-পোচাৰ বাবে আটক কৰা হৈছে অধ্যক্ষগৰাকীক ৷ সম্প্ৰতি ছিৰাজুল হকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে(Principal detained in connection of scholarship scam) ৷
ইফালে, শনিবাৰে ঈশান উদয় জালপানিৰ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জাকিৰ হুছেইন আৰু কাৰ্যালয় সহায়ক চাহাবুদ্দিনক ৷ অভিযুক্ত দুয়োকে শনিবাৰে আদালতত হাজিৰ কৰাৰ পিছতে তিনিদিনৰ ন্যায়িক জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে(Two arrested in connection of scholarship scam) ৷
উল্লেখ্য যে, বিশ্ববিদ্যালয় অনুদান আয়োগ(University Grants Commission) চমুকৈ UGCয়ে উত্তৰ-পূবৰ মেধাবী ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান আহিছে জলপানি ৷ কিন্তু এই ধনৰ হৰলুকি কৰি আহিছে একাংশই ৷ দুষ্ট চক্ৰ সৈতে এই কেলেংকাৰীত নাম সোমাই পৰিছে ৰাজ্যৰ বহু কেইখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয় কৰ্তৃপক্ষৰ ৷ মহবিদ্যালয়সমূহৰ OTP ব্যৱহাৰ কৰি ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত দুষ্টচক্ৰই মোকলাই নিছে মেধা বৃত্তিৰ কোটি কোটি টকা ৷
উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বছৰত প্ৰদান কৰা হয় প্ৰায় ৬০ হাজাৰ টকাৰ স্ক'লাৰশ্বিপ ৷ একেদৰে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ৰ অধীনত ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় মেধা ভিত্তিক স্ক'লাৰশ্বিপ ৷ কিন্তু এই স্ক’লাৰশ্বিপত এতিয়া শেনচকু দুষ্ট চক্ৰৰ(Ishan Uday Scam in Assam) ৷
ইফালে, নৱেম্বৰ মাহতো ঈশাদ উদয় ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰী সংঘটিত কৰি বৰপেটাত গ্ৰেপ্তাৰ হৈছিল জেহেৰুল ইছলাম আৰু হবিবুৰ ৰহমান নামৰ দুজন লোক ৷ একাংশ মহাবিদ্যালয়ৰ পাচৱৰ্ড আৰু OTP ব্যৱহাৰ কৰি মহাবিদ্যালয় সমূহৰ অধ্যক্ষৰ চহী জালিয়াতি কৰি কোটি কোটি টকা হৰলুকি কৰিছিল ধৃতদ্বয়ে ৷
লগতে পঢ়ক: Scam in students scholarship: বৰপেটাত মহাবিদ্যালয়ৰ অধ্যক্ষসহ গ্ৰেপ্তাৰ দুই