ETV Bharat / state

শ্ৰেণীকোঠাৰ পৰিৱৰ্তে চাহৰ দোকানত বিদ্যালয়ৰ শিক্ষক ! - চাহৰ দোকানত শিক্ষক

বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়ৰ শিক্ষকক বিদ্যালয়ৰ পৰিৱৰ্তে দেখা যায় চাহ-তামোলৰ দোকানত ৷ বিদ্য়ালয়খনত থকা শিক্ষক তিনিগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় ৰূপসী খণ্ড শিক্ষা বিষয়াই ৷

irregularity-of-teacher
শ্ৰেণীকোঠাৰ পৰিৱৰ্তে চাহৰ দোকানত এখন বিদ্যালয়ৰ শিক্ষক
author img

By

Published : Feb 1, 2021, 8:11 PM IST

জনিয়া, 1 ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত 1293 নং শওঁপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হুৰমুজ আলীয়ে বিদ্যালয়ত নাথাকি থাকে চাহৰ দোকানত ৷ ছাত্ৰ-ছাত্ৰীক পাঠদানৰ পৰা বিৰত থাকি দোকানে দোকানে চাহ-তামোল খাই ফুৰে এইগৰাকী প্ৰধান শিক্ষকে ৷

প্ৰধান শিক্ষক গৰাকীয়ে বিদ্যালয়ত নাথাকি চাহৰ দোকানত থকাৰ কাৰণ সাংবাদিকে জানিব বিচৰাত তেওঁ কয় যে, তেওঁ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক লগ ধৰিবলৈ গৈছিল আৰু বাহিৰৰ পৰা সভাপতিয়ে চাহ খাই থকা চাই আছিল ।

ইফালে বিদ্যালয়খনৰ সহকাৰী শিক্ষক পংকজ মিলিয়ে শ্ৰেণীকোঠালৈ যোৱাৰ বিপৰীতে পোনে পোনে সাংবাদিকে বাতৰি সংগ্ৰহ কৰাৰ ভিডিঅ’ কৰিবলৈ আৰম্ভ কৰে ৷

শ্ৰেণীকোঠাৰ পৰিৱৰ্তে চাহৰ দোকানত এখন বিদ্যালয়ৰ শিক্ষক

উল্লেখ্য যে, তিনিগৰাকী শিক্ষকেৰে চলিছে এইখন বিদ্যালয় ৷ গতিকে ছাত্ৰ-ছাত্ৰীক শিক্ষাদানৰ পৰা বিৰত ৰাখি এগৰাকী শিক্ষকে সাংবাদিকে বাতৰি সংগ্ৰহ কৰাৰ ভিডিঅ’ বনাই থকাটো কিমান যুক্তি সংগত, সেয়া এক ডাঙৰ প্ৰশ্ন । এই ক্ষেত্ৰত ৰূপসী খণ্ড শিক্ষা বিষয়াই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : ছৈখোৱা আৰু শদিয়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত বিশেষ কৰ্মী সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.