কলগাছিয়া, 18 এপ্ৰিলঃ বৰপেটা জিলাৰ জনসংযোগ বিষয়া বিকাশ শৰ্মাই কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সাংবাদিক সকলৰ সৈতে আজি এক অন্তৰংগ আলাপত মিলিত হয়। আলাপত শৰ্মাই সাংবাদিক সকলক কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। আজিৰ এই অন্তৰংগ আলাপত খেতিয়ক,মৎস্য পালক,দৰিদ্ৰ লোকসকলৰ লক ডাউনৰ ফলত হোৱা সমস্যাৰ ওপৰতো পৰ্যালোচনা কৰা হয়। ইয়াৰ লগতে বিষয়া গৰাকীয়ে যি কোনো বাতৰি পৰিৱেশন কৰাৰ পূৰ্বে বাতৰিৰ সত্যতা জানি ল'বলৈও আহ্বান জনায়। আনহাতে আজিৰ এই অন্তৰঙ্গ আলাপত কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সভাপতি আলহাজ আব্দুল হাই,সম্পাদক ৰকিবুল হাচান,কাৰ্যকৰী সভাপতি ছাইফুল ইছলামৰ লগতে কেইবাগৰাকীও সাংবাদিক উপস্থিত থাকে।
লগতে পঢ়কঃকৃষি আৰু সকলো বিত্তীয় অনুষ্ঠানক ৰেহাই দিয়া হ'ব লক ডাউনৰ পৰা