বৰপেটা, ২০ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিখন সোমবাৰে সমগ্ৰ অসমতে মুকলি কৰা হয় ৷ উক্ত আঁচনিখনৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় ২ লাখ হিতাধিকাৰীক ২৫ হাজাৰ টকাৰ এককালীন সাহায্যৰ চেক প্ৰদান (One time relief cheque issued in Barpeta)কৰা হয় ৷ ৰাজ্যজুৰি অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি আজি বৰপেটা জিলাৰ ৪২৮ গৰাকী বিধৱা মহিলাক ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনিৰ জৰিয়তে এককালীন অৰ্থ সাহায্যৰ চেক প্ৰদান কৰা হৈছে ।
উল্লেখ্য় যে পৰিয়ালৰ মূল উপাৰ্জনক্ষম লোকজন বা স্বামীক হেৰুৱাই অসহায় হোৱা বিধৱা মহিলাসকল স্বাভাৱিকতেই পৰিয়ালটো চলোৱাৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সন্মুখীন হয় ৷ তেনে এক পৰিস্থিতিৰ কথা ভাবিয়েই মহীয়সী নাৰী ইন্দিৰা মিৰিৰ নামত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি । উক্ত আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ ২ লাখ বিধৱা মহিলাৰ লগতে বৰপেটা জিলাৰ ৪২৮ গৰাকী মহিলাক এই চেক প্ৰদান কৰা হয় ৷
বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত চেক প্ৰদান অনুষ্ঠানত হিতাধিকাৰীসকলৰ লগতে বৰপেটাৰ উপায়ুক্ত আয়ুস গাৰ্গ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ চিকাৰিয়া আদিকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়াই অংশগ্ৰহণ কৰে ৷ একেটা অনুষ্ঠানতে বানত ঘৰ- দুৱাৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্থ হোৱা জিলাখনৰ ২টা বান বিধস্ত পৰিয়ালক ৰাজ়্য চৰকাৰে আগবঢ়োৱা ১ লাখ টকাৰ চেক প্ৰদান কৰা হয় ৷
উল্লেখ্য় যে ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন আঁচনি হৈছে (Indira Miri Universal Widow Pension Scheme)মহিলা সৱলীকৰণৰ বাবে অসম চৰকাৰৰ এক আঁচনি । এই আঁচনি অধীনত ৰাজ্যৰ ১৮ বছৰ বয়সৰ পৰা ৫৯ বছৰ বয়সৰ বিধৱা মহিলাক পেঞ্চন যোগান ধৰা হয় ।
লগতে পঢ়ক:ৰহস্যজনভাৱে মৃত্যু হোৱা ফাৰহাজ হুছেইনৰ গৃহত লুৰীণজ্যোতি গগৈ