ETV Bharat / state

মথনগুৰী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ধৰণীধৰ দাসৰ বিপিএফত যোগদান

author img

By

Published : Nov 27, 2020, 9:58 PM IST

বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ দিন যিমানেই চমূ চাপি আহিছে সিমানেই বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ তথা দলত যোগদান পৰ্ব তুংগত উঠিছে ৷

indipandate-candiadte-join-bpf-at-barpeta
মথনগুৰী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ধৰণীধৰ দাসৰ বিপিএফত যোগদান

বৰপেটাৰোড,27নৱেম্বৰঃ শুকুৰবাৰে নিশা ২০ নং মথনগুৰী সমষ্টিৰ হটাপাৰাস্থিত বিপিএফ দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰবীন বড়োৰ পৰিচালনাত এখন দলীয় সভা অনুষ্ঠিত হয় ৷ সভাত মথনগুৰী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ধৰণীধৰ দাসে প্ৰায় চাৰি শতাধিক কৰ্মী-সমৰ্থকক লগত লৈ আনুষ্ঠানিকভাৱে বিপিএফ দলৰ নীতি-আদৰ্শ তথা জনপ্ৰিয়তাৰ প্ৰতি আকৃষ্ট হৈ দলটোত যোগদান কৰে ৷

বিপিএফ দলত যোগদান কৰিয়েই ধৰণীধৰ দাসে কয়, বিটিচিত হাগ্ৰামা মহিলাৰী নেতৃত্বত পুনৰ চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠন হ'ব বুলি নিশ্চিত হৈ এই দলত যোগদান কৰিলে ৷ লগতে দাসে দলৰ এজন সাধাৰণ সৈনিক হিচাপে কাম কৰি যাব বুলিও প্ৰতিশ্ৰুতি দিয়ে ৷ আগন্তুক নিৰ্বাচনত বিপিএফ দলৰ নাঙলৰ ছবিত ভোটদান কৰিবলৈ সকলো স্তৰৰ ৰাইজক আহ্বান জনায় ৷

উক্ত সভাত দলৰ সাধাৰণ সম্পাদক প্ৰবীন বড়ো সাংগঠনিক সম্পাদক ৰফিক আহমেদ, মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ, বি পিএফ দলৰ মথনগুৰী ব্লক সমিতিৰ সম্পাদক খনীন্দ্ৰ ব্ৰহ্ম, বৰপেটা জিলা বিপিএফৰ কোষাধ্যক্ষ আব্দুল ৰৌফ আদিকে ধৰি কেবাজনো বি পি এফ নেতা উপস্থিত থাকে ৷

লগতে পঢ়কঃসদ্য প্ৰকাশিত ভোটৰ খচৰা তালিকাত ব্যাপক বিসংগতিৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.