ETV Bharat / state

ভোট গণনাৰ সময়ত বিষয়া-কৰ্মচাৰীয়ে কৰিব লাগিব ক'ভিড টেষ্ট - barpeta vote counting

বৰপেটাত যোৱা 24 ঘণ্টাত ৪৪ গৰাকীৰ দেহত ক'ভিডৰ উপস্থিতি পোৱা গৈছে ৷ ইয়াৰ লগে লগে জিলাখনত ১৬২ গৰাকীলৈ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত সংখ্যা ৷ অৱশ্যে সোমবাৰে ২৬ গৰাকী ক'ৰণা ৰোগী সুস্থ হৈ উঠাৰ কথা জানিবলৈ দিয়ে বৰপেটা প্ৰশাসনে ৷

ভোট গণনাত বৰপেটাৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীয়ে কৰিব লাগিব ক'ভিড টেষ্ট

author img

By

Published : Apr 20, 2021, 10:04 AM IST

বৰপেটা, ১৯ এপ্ৰিল : বৰপেটাত বিগত 24 ঘণ্টাত ৪৪ গৰাকীৰ দেহত পোৱা গৈছে ক'ভিডৰ উপস্থিতি ৷ ইয়াৰ লগে লগে জিলাখনত ১৬২ গৰাকীলৈ বৃদ্ধি পাইছে ক'ভিডত আক্ৰান্ত সংখ্যা ৷ অৱশ্যে সোমবাৰে ২৬ গৰাকী ক'ৰণা ৰোগী সুস্থ হৈ উঠাৰ কথা জানিবলৈ দিয়ে বৰপেটা প্ৰশাসনে ৷

ইফালে ২ মে'ত অনুষ্ঠিত হ’বলগীয়া ভোট গণনাত উপস্থিত থকা প্ৰতিজন বিষয়া-কৰ্মচাৰীৰ লগতে প্ৰতিদ্বন্দী প্ৰাৰ্থীৰ এজেণ্টসকলৰ বাবে ক'ভিড পৰীক্ষা বাধ্যতামূলক কৰিছে বৰপেটা জিলা প্ৰশাসনে । ভোট গণনাত থাকিবলগীয়া নিৰ্বাচনী বিষয়াসকলৰ বাবে ২৭ এপ্ৰিলত বৰপেটা নগৰ স্বাস্থ্য কেন্দ্ৰত ক'ৰণা পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে ।

ইয়াৰোপৰি গণনা কক্ষসমূহত সকলোৱে মাস্ক পৰিধান কৰাৰ লগতে যথা সম্ভৱ সামাজিক দূৰত্ব বৰ্তাই ৰখা, গণনা কক্ষসমূহ ছেনিটাইজ কৰা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে বুলি সদৰি কৰিছে বৰপেটা জিলা প্ৰশাসনে ৷

লগতে পঢ়ক: আকৌ লক ডাউন ! কাইলৈ সিদ্ধান্ত ঘোষণা কৰিব ৰাজ্যৰ মুখ্য সচিবে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.