ETV Bharat / state

বৰপেটাৰ বহৰিত চোৰাং কাঠ জব্দ

author img

By

Published : Sep 28, 2020, 5:55 PM IST

সোমবাৰে বৰপেটাৰ হৰিপুৰৰ পৰা আৰক্ষীয়ে চোৰাং কাঠসহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসৰ নেতৃত্বৰ এটা দলে অভিযান চলাই কাঠখিনি জব্দ কৰে ৷

চোৰাং কাঠ জব্দ
চোৰাং কাঠ জব্দ

বৰপেটা, 28 ছেপ্তেম্বৰ: সোমবাৰে বৰপেটাৰ বহৰিস্থ তাৰাবাৰী থানাৰ আৰক্ষীয়ে অভিযান চলাই ৩৩ ডাল মূল্যবান কাঠ বাটাম জব্দ কৰিবলৈ সক্ষম হয় ৷ তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত হৰিপুৰত অভিযান চলাই আৰক্ষীয়ে অবৈধভাৱে মজুত কৰি ৰখা মূল্যবান কাঠসমূহ জব্দ কৰে ৷

বৰপেটাৰ বহৰিত জব্দ চোৰাং কাঠ

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, হৰিপুৰৰ ইনচান আহমেদৰ ঘৰৰ সন্মুখৰ পৰা AS-17 B-8735 নম্বৰৰ এখন ডি.আই বাহনৰ লগতে মাটিত নমাই থোৱা অৱস্থাত তেওঁলোকে কাঠখিনি জব্দ কৰে ৷ আৰক্ষীয়ে ইনচান আহমেদ চোৰাং কাঠ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে, বৰ্তমানেও পলাতক অৱস্থাত আছে ইনচান আহমেদ আৰু বাহনখনৰ চালক ৷ ঘটনাস্থলীত বহৰি খণ্ড বন বিষয়া বনজিৎ দাস আৰু বৰপেটাৰোড বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ এটা দল উপস্থিত হৈ বাহনখনৰ সৈতে জব্দকৃত কাঠখিনি আৰক্ষীৰ পৰা নিজৰ জিম্মাত চমজি লয় ৷

লগতে পঢ়ক: বিয়া দিবলৈ অমান্তি হোৱাৰ বাবেই হত্যা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.