ETV Bharat / state

অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে বৰপেটাৰ সোনাপুৰলৈ - বৰপেটাত অবৈধ মাটি খনন

সোনাপুৰৰ বেকী নৈৰ কাষত একাংশ অসাধু চক্ৰই টেক্টৰেৰে চলাইছে অবৈধ মাটি খনন(Illegal Soil Mining) । নিৰ্বিকাৰ বন বিভাগ । অবৈধ মাটিখনন বন্ধ কৰাৰ দাবী স্থানীয় ৰাইজৰ ।

Illegal Soil Mining
অবৈধ খননে ভাবুকি কঢ়িয়াই আনিছে বৰপেটাৰ শোনাপুৰলৈ
author img

By

Published : Jan 28, 2022, 8:31 PM IST

Updated : Jan 28, 2022, 9:42 PM IST

জনীয়া, 28 জানুৱাৰী : বৰপেটা জিলাৰ জনীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সোনাপুৰ-ৰুভি গাঁও পঞ্চায়তৰ অন্তৰ্গত শোনাপুৰৰ বেকী নৈৰ কাষত দিনে নিশাই টেক্টৰেৰে চলাইছে অবৈধ মাটিখনন(Illegal Soil mining) । বিগত প্ৰায় দুই বছৰ ধৰি অবৈধভাৱে একাংশ অসাধু চক্ৰই নিশা দুই বজাৰ পৰা সন্ধিয়ালৈকে টেক্টৰেৰে চলাইছে এই অবৈধ খনন কাৰ্য । যাৰ বাবে সম্প্ৰতি সোনাপুৰ গাঁও বেঁকী নৈত জাহ(Soil mining at Beki River) যোৱাৰ আশংকা কৰিছে গাঁওবাসীয়ে ।

ইপিনে মাটিৰ গৰাকী ছিদ্দিক মৌলবী আৰু আব্দুল খালেকক বাৰম্বাৰ বাধা দিয়া সত্বেও কেৱল নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থত বিক্ৰী কৰি আহিছে মাটি । আৰক্ষী তথা স্থানীয় প্ৰশাসনক অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা নকৰাত ক্ষোভিত হৈ পৰিছে ভুক্তভোগী ৰাইজ । অবৈধভাৱে টেক্টৰেৰে চলোৱা এই মাটি খনন বন্ধ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Illegal Stone Mining: শিৱসাগৰৰ দিখৌ নৈত হৈ অহা শিলখননৰ বিৰুদ্ধে ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

Last Updated : Jan 28, 2022, 9:42 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.