ETV Bharat / state

Illegal soil mining: বেঁকী নৈৰ বুকুত অব্যাহত অবৈধ মাটি খনন

author img

By

Published : Jun 10, 2023, 9:45 AM IST

ৰাজ্যত অব্যাহত আছে মাটিৰ অবৈধ খনন । কলগাছিয়াৰ চানপুৰত বেঁকী নৈৰ বুকুত দিনে-নিশাই চলিছে মাটিৰ খনন । ক্ষোভিত স্থানীয় ৰাইজ (Illegal soil mining in kalgasia) ।

Illegal soil mining in kalgasia
বেঁকী নৈৰ বুকুত অব্যাহত অবৈধ মাটি খনন
বেঁকী নৈৰ বুকুত অব্যাহত অবৈধ মাটি খনন

জনীয়া, 10 জুন : বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা কলগাছিয়া আৰক্ষী থানাৰ এলেকাধীন চানপুৰত বেঁকী নদীৰ চৰত দিনে নিশাই চলিছে অবৈধ মাটি খনন কাৰ্য । অভিযোগ অনুসৰি, সাজি নামৰ এজন ব্যক্তিৰ নেতৃত্বত দীৰ্ঘদিনৰে পৰা চানপুৰ বেঁকী নৈৰ বুকুত অবৈধভাবে এই খনন চলায় অহা হৈছে । শুক্ৰবাৰে নিশাৰ ভাগত ৰাইজৰ অভিযোগৰ ভিত্তিত সংবাদ মাধ্যমৰ লোক খনন স্থলীত উপস্থিত হোৱাৰ লগে লগেই বালি মাফিয়াই ট্ৰেক্টৰ আৰু জেচিবি লৈ পলায়ন কৰে বুলি জানিবলৈ দিয়ে । এই খনন কাৰ্যই কলগাছিয়া ৰাজহ চক্ৰৰ এলেকাধীন শওঁপুৰ, সুতিৰপাথাৰ, কলগাছিয়া, বাঘবৰ ৰাজহ চক্ৰৰ চানপুৰ, বালিকুৰি, জনতা আদি কেইবাখনো ৰাজহ গাঁৱলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি (Illegal soil mining poses danger) ।

জিলাখনৰ বন বিভাগৰ বৰপেটা ৰোড সংমণ্ডল আৰু বৰপেটা জিলা প্ৰশাসনক মেনেজ কৰি কেইবাখনো ট্ৰেক্টৰ লগাই এইদৰে খনন কাৰ্য চলাই অহা হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । এইদৰে দিনে-নিশাই নদী খনন কৰা কাৰ্যক স্থানীয় ৰাইজে বাধা দিলেও বালি মাফিয়াই কোনো ধৰণৰ ভ্ৰূক্ষেপ নকৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে (Soil mining at Beki River) ।

বেঁকী নৈৰ বুকুত বন বিভাগৰ আশীৰ্বাদত চলায় থকা বুলি অভিযোগ তোলা অবৈধ মাটি খননে তীব্ৰ গৰাখহনীয়াৰ ভাবুকি কঢ়িয়াই আনিছে বুলি কয় স্থানীয় ৰাইজে । চানপুৰ, সোণাপুৰ আৰু ৰচুলপুৰ গাঁও নদীৰ বুকুত বিলীন হোৱাৰ পথত বুলি কয় স্থানীয় ৰাইজে ৷ অবৈধ মাটি খনন বন্ধ কৰাৰ দাবী ৰাইজে ৷

উল্লেখ্য যে, এই ক্ষেত্ৰত কলগাছিয়া আৰক্ষী থানা আৰু খনন কাৰ্যস্থলীৰ একেবাৰে সমীপৰ বালিকুৰি আৰক্ষী চকীৰ দৃষ্টি আকৰ্ষণ কৰিছে স্থানীয় ৰাইজে । অতি শীঘ্ৰেই এই অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ তথা গাওঁবোৰ ৰক্ষা কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে (Kalgachia Police Station) ।

লগতে পঢ়ক : IMD Forecast Biparjoy : সাৱধান ! আগন্তুক ২৪ ঘণ্টাত অধিক তীব্ৰতৰ হ’ব বিপাৰজয় ঘূৰ্ণীবতাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.