ETV Bharat / state

কাৰ পৃষ্ঠপোষকতাত কলগাছিয়াত অবৈধভাৱে চলিছে কাঠ ফলা মিল ?

কলগাছিয়াৰ জাউৰিমাৰী আৰু চিকনী গাঁৱত একাংশ অসাধু ব্যৱসায়ীয়ে গোপনে চলাই গৈছে কাঠ ফলা মিল ৷ এই ক্ষেত্ৰত বন বিভাগক অৱগত কৰা হৈছে যদিও কোনো গুৰুত্ব প্ৰদান নাই ৷ বন বিভাগৰ নীৰৱ ভূমিকাক লৈ ৰাইজৰ প্ৰশ্ন !

author img

By

Published : Oct 16, 2021, 10:03 PM IST

illegal saw mills run in Kalgachia
কাৰ পৃষ্ঠপোষকতাত কলগাছিয়াত অবৈধভাৱে চলিছে কাঠ ফলা মিল ?

জনীয়া, 16 অক্টোবৰ : ৰাজ্য চৰকাৰে দালালৰাজ অথবা দুৰ্নীতি-ভ্ৰষ্টাচাৰ বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ হোৱা সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও একাংশ অসাধু ব্যৱসায়ীয়ে চলাই গৈছে মূল্যৱান কাঠৰ অবাধ বেহা ৷ এই ব্যৱসায়ৰ সমান্তৰালভাৱে ভিন্ন প্ৰান্তত চলি আছে অবৈধ কাঠ ফলা মিলসমূহ ৷ একাংশ লোকৰ অভিযোগ অনুসৰি বন বিভাগৰ পৃষ্ঠপোষকতাতে চলি আছে মূল্যৱান কাঠৰ বেহাৰ লগতে অবৈধ এই কাঠৰ মিল সমূহ ৷

শেহতীয়াকৈ এনে এক তথ্য পোহৰলৈ আহিছে বৰপেটা জিলাৰ কলগাছিয়াৰ জাউৰিমাৰী আৰু চিকনী গাঁৱত ৷ স্থানীয় একাংশ প্ৰকৃতি প্ৰেমী ৰাইজৰ অভিযোগৰ ভিত্তিত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত জাউৰিমাৰী আৰু চিকনী গাঁৱৰ সমীপৰ এটা কাঠৰ মিলত শনিবাৰে উপস্থিত হয় সাংবাদিকৰ এটা দল ৷

লগতে পঢ়ক: মূলসুঁতিলৈ আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ হিমালয় অসম

উপস্থিত হোৱা পাচতে উক্ত মিলটোত শাল, চেগুন, গমাৰীকে ধৰি বিভিন্ন মূল্যৱান কাঠৰ কুণ্ডা প্ৰত্যক্ষ কৰে সাংবাদিকৰ দলটোৱে ৷ অবৈধভাৱে চলাই থকা এই কাঠৰ মিলটোৰ সন্দৰ্ভত স্থানীয় লোকে কয়, বন বিভাগৰ সহযোগতে এই মিলটোত কাঠ ফলা কাৰ্য অব্যাহত আছে ৷ বন বিভাগে অবৈধভাৱে চলি থকা কাঠ ফলা মিল বন্ধ কৰাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও এই মিলটোৰ ক্ষেত্ৰত নিৰৱ ভূমিকা পালন কৰিছে বুলি অভিযোগ কৰে ৰাইজে ৷

কিয়নো, বন বিভাগৰ সহযোগ নোপোৱাকৈ কাঠৰ ব্যৱসায়ী সকলে কাঠ ফলা মিল চলাবলৈ সাহস নকৰে ৷ তদুপৰি কাঠ ফলা মিল সন্দৰ্ভত কেইবাবাৰো বন বিভাগক অৱগত কৰা হৈছে যদিও আজিকোপতি কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

ইফালে, কলগাছিয়াৰ কেইবা ঠাই অসাধু ব্যৱসায়ীয়ে গোপনে কাঠ ফলা চলাই আছে বুলি অভিযোগ কৰিছে স্থানীয় লোকে ৷ গতিকে অবৈধ এই কাঠৰ মিল সমূহ বন্ধ কৰাৰ ক্ষেত্ৰত বন বিভাগত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক: ৰাজনৈতিক দলৰ পিছে পিছে ঘূৰে সদৌ অসম ছাত্ৰ সন্থা : বিমল বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.