জনীয়া, 1 জুন : বৰপেটা জিলাৰ কলগাছিয়াত চলি থকা অবৈধ বালি খনন কাৰ্যই জ্বলাকলা খুৱাইছে ৰাইজক । বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ গাঁওত অবৈধভাৱে চলিছে নদী খনন কাৰ্য। বেঁকী নদীৰ পাৰত বালি খননকাৰ্য অব্যাহত ৰাখিছে বালি মাফিয়াই। ফলত গৰাখহনীয়াই ধাৰণ কৰিছে ভয়ংকৰ ৰূপ।
উল্লেখযোগ্য যে, এশ এবুৰি সমস্যাৰে জৰ্জৰিত বলাইপাথাৰ গাঁৱত অবৈধ বালি খনন চলি থকাত বেঁকী নৈৰ গাতে লাগি থকা বলাইপাথাৰ প্ৰাথমিক বিদ্যালয়খনলৈ এক ভাবুকি সৃষ্টি হৈছে ৷ বিদ্যালয় খনত প্ৰায় দুশৰো অধিক দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালীয়ে অধ্যয়ন কৰে যদিও এই অবৈধ খননৰ ফলত বিদ্যালয়খন গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা কৰিছে ৰাইজে ।
স্থানীয় ৰাইজে বাৰে বাৰে বাধা দিয়াৰ পাচতো বন বিভাগৰ আশীৰ্বাদত একাংশ বালি মাফিয়াই বালি খনন কাৰ্য চলাই নিয়া বুলি অভিযোগ উত্থাপ কৰিছে স্থানীয় লোকে ৷ ইফালে বিদ্যালয় খনৰ লগতে ১১ হাজাৰ ভ’ল্টৰ বিদ্যুৎ খুটাও উভালি পৰা উপক্ৰম হৈছে ৷ যাৰ ফলত যিকোনো সময়তে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি আশংকা কৰিছে স্থানীয় ৰাইজে ৷ সেয়েহে অতি সোনকালে বিভাগীয় কৰ্তৃপক্ষক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় লোকে দাবী জনাইছে ৷
লগতে পঢ়ক: ক'ভিড-১৯: আইনী কাম-কাজ বন্ধৰ বাবে আৰ্থিক সংকটত অধিবক্তা, ভেণ্ডৰ