বৰপেটা, 10 জুন : লোক-সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সাধক, বৰপেটা সত্ৰৰ ইতিহাস গ্ৰন্থৰ লেখক গোকুল পাঠকে পুনৰুদ্ধাৰ কৰা ভাতকুছি সত্ৰত বুধবাৰে অনুষ্ঠিত হয় গোকুল পাঠকৰ এমহীয়া স্মৃতিচাৰণ অনুষ্ঠান ৷ এই অনুষ্ঠানত গোকুল পাঠকে পুনৰুদ্ধাৰ কৰা সত্ৰখনত সত্ৰীয়া সংস্কৃতিৰ চৰ্চাকেন্দ্ৰ প্ৰতিষ্ঠা কৰি সত্ৰীয়া সংস্কৃতিৰ চৰ্চা আৰু বিকাশৰ উদ্যোগ গ্ৰহন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷
আনহাতে সত্ৰখনৰ উন্নয়নৰ লগতে সত্ৰখনৰ ভূমিত চলি থকা অবৈধ বেদখল উচ্ছেদ কৰিবলৈও চৰকাৰ তথা জিলা প্ৰশাসনক দাবী জনােৱা হয় ৷ বৰপেটাৰ সমাজ জীৱনৰ মহীৰূহগৰাকীৰ নামত বৰপেটাত এটা প্ৰেক্ষাগৃহ আৰু প্ৰতিমূৰ্ত্তি নিৰ্মাণৰো দাবী উত্থাপন কৰা হয় ৷
এই স্মৃতি সভাতে সত্ৰখনৰ উন্নয়নৰ বাবে ৰনজিৎ কুমাৰ দাস, গুনীন্দ্ৰ নাথ দাস, থানেশ্বৰ মালাকাৰ আদিক লৈ সত্ৰ পৰিচালনা সমিতি এখনো গঠন কৰা হয় ৷ উক্ত অনুষ্ঠানত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, লেখক থানেশ্বৰ মালাকাৰ, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ অধিকাৰীৰ লগতে কেবাগৰাকীও লোকে অংশগ্ৰহন কৰে ৷
লগতে পঢ়কঃ ৰাজ্যপালৰ নিৰ্দেশ অমান্য কৰি অব্যাহত শিল-বালিৰ খনন