ETV Bharat / state

বালি মাফিয়াৰ দপ দপনিৰ নীৰৱ দৰ্শকৰ ভূমিকা লৈছে নেকি বন বিভাগে ? - বন মন্ত্ৰী

অবৈধ বালি খননেৰে কলগাছিয়াৰ বিভিন্ন প্ৰান্তত দপ দপনি চলিছে বালি মাফিয়াৰ ৷ ৰহস্য জনকভাৱে নীৰৱ দৰ্শকৰ ভূমিকা লৈছে বৰপেটা ৰোডৰ বন সংমণ্ডল বিভাগে ।

illegal-mining-of-sand-in-kalgasia
বালি মাফিয়াৰ দপ দপনিৰ নীৰৱ দৰ্শকৰ ভূমিকা লৈছে নেকি বন বিভাগে ?
author img

By

Published : Nov 11, 2021, 7:25 PM IST

জনীয়া, 11 নবেম্বৰ : কলগাছিয়াৰ বিভিন্ন প্ৰান্তত চলিছে বালি মাফিয়াৰ দপদপনি । অবৈধ বালি খননেৰে মাফিয়াই চলাইছে ৰমৰমীয়া ব্যবসায় । জানিব পৰা মতে, কাউৰজাহি প্ৰাথমিক বিদ্যালয়ৰ নিচেই কাষৰ পৰাই চলি আছে এই অবৈধ খনন কাৰ্য । কিন্তু এই সমগ্ৰ পৰিস্থিতিত ৰহস্য জনকভাৱে নীৰৱ দৰ্শকৰ ভূমিকা লৈছে বৰপেটা ৰোডৰ বন সংমণ্ডল বিভাগে । উল্লেখ যোগ্য যে, জনীয়া সমষ্টিৰ অন্তৰ্গত কাউৰজাহি, মুৱামাৰী আৰু আমগুৰি গাঁৱত চলি থকা বালিৰ অবৈধ খনন কাৰ্যই কাউৰজাহি প্ৰাথমিক বিদ্যালয়ৰ লগতে ২য় ৰাজ্যিক ঘাইপথলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি ।

মন্ত্ৰী পৰিমল শুক্লবদ্যৰ বনবিভাগৰ বৰপেটা ৰোড সংমণ্ডলৰ জ্ঞাতেই এই খনন কাৰ্য চলিছে বুলিও উত্থাপিত হৈছে অভিযোগ ৷ ইয়াকে লৈ সচেতন ৰাইজৰ লগতে আমছুৰ নেতা-কৰ্মীয়ে তীব্ৰ প্ৰতিক্ৰিয়াৰ ব্যাক্ত কৰিছে । অভিযোগ অনুসৰি এই বালি খনন কাৰ্য্যৰ লগত জড়িত আছে ক্ৰমে কাউৰজাহি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক ফৰমান আলি আৰু কুনচুম, মুৱামাৰী গাঁৱত আব্দুৰ বাৰেক আৰু আমগুৰি গাঁৱত আনোৱাৰ হুছেইন নামৰ লোক কেইজন ৷

দিনে-নিশাই বালি খনন কৰাৰ বাবে কাউৰজাহি, বলাইপাথাৰ, খাৰবাল্লী, শওঁপুৰ, কালামপুৰ, আদি গাঁৱলৈ এতিয়া নামি আহিছে অশনি সংকেত ।

এই পৰিস্থিতিত আমছুৰ নেতা-কৰ্মীয়ে অতি শীঘ্ৰেই এই খনন কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাইছে । অন্যথা আমছুৱে বৰপেটা ৰোড বন সংমণ্ডলৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰিছে । অৱশ্যে, এই খনন কাৰ্যৰ বিৰুদ্ধে বিভিন্ন সময়ত বাতৰি পৰিবেশন হৈ আহিছে যদিও বাতৰিলৈ কোনো ভ্ৰূক্ষেপ কৰা নাই বালি মাফিয়া সকলে । পৰৱৰ্তী সময়ত এই অবাধ খননৰ সম্পৰ্কত বন বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া হ’ব লক্ষণীয় ?

লগতে পঢ়ক : গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়ম স্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.