ETV Bharat / state

Illegal gambling: জুৱাৰ গ্ৰাসত কলগাছিয়াৰ বহু অঞ্চল; বাঁহনিৰ পৰা মৰপাট তলিলৈকে সকলোতে জুৱাৰ আড্ডা

author img

By

Published : Jun 18, 2023, 6:33 PM IST

কলগাছিয়াৰ গলীয়া গাঁৱত দিনে নিশাই চলিছে জুৱাৰ আড্ডা । গাঁৱৰ লোকে অভিযোগ কৰা মতে গলীয়া গাঁৱৰ ফাৰহাদৰ নেতৃত্বত চলিছে এই অবৈধ জুৱা খেল । কেমেৰা দেখি পলাই পত্ৰং জুৱাৰীৰ ৷

Illegal gambling on the ground of jute
মৰাপাটৰ তলিত অবৈধ জুৱা খেল
মৰাপাটৰ তলিত অবৈধ জুৱা খেল

জনীয়া, 18 জুন: বৰপেটা জিলাৰ কলগাছিয়াৰ গলীয়া গাঁৱত দিনে নিশাই চলিছে জুৱাৰ আড্ডা । ৰাইজৰ অভিযোগৰ ভিত্তিত ঘটনাস্থলীত সাংবাদিক উপস্থিত হোৱাত দৌৰি পলায়ন কৰে জুৱাৰীয়ে ৷ গাঁৱৰ লোকে অভিযোগ কৰা মতে, গলীয়া গাঁৱৰ ফাৰহাদৰ নেতৃত্বত চলিছে এই অবৈধ জুৱা খেল । এই ক্ষেত্ৰত আৰক্ষীক জনোৱা হৈছে যদিও এতিয়াও গুৰুত্ব নাই আৰক্ষী প্ৰশাসনৰ ।

অভিযোগ অনুসৰি ফাৰহাদৰ নেতৃত্বত প্ৰত্যেকদিনাই অতি কমেও ১৫ৰ পৰা ২৫ জনীয়া এটা জোৱাৰীৰ দলে তিনিশ টকা কমিছন দি জুৱা খেলে গলীয়া গাঁৱৰ হাসমত আলী ওৰফে বুদ্ধুৰ ঘৰত । অতি পৰিতাপৰ বিষয় যে, অবৈধ জুৱাৰ বিৰুদ্ধে বাৰে বাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতো গা ল’ৰা নাই প্ৰশাসনৰ ৷

লগতে পঢ়ক: Shooting case at Barpeta Road : বৰপেটাৰোডৰ CSP কেন্দ্ৰত গুলী ফুটাই ধন লুটৰ চেষ্টা দুই যুৱকৰ, আটক এজন

ইফালে জুৱাখেলৰ ফলত অঞ্চলটোত শৈক্ষিক পৰিৱেশ বিনষ্ট হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । এতিয়া স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে, জুৱা খেলৰ বিৰুদ্ধে হাউলী আৰক্ষীয়ে কিয় নীৰৱ ভূমিকা পালন কৰিছে । কাৰ ছত্ৰছাঁয়াত এইদৰে চলিছে জুৱা খেল ৷

ইফালে এই জুৱাৰ আড্ডাৰ ফলতেই অঞ্চলটোত সঘনাই অবৈধ কাৰ্যকলাপৰ লগতে চুৰি-ডকাইতি কাণ্ড সংঘটিত হৈ থাকে । সেয়ে অতি সোনকালে এই অবৈধ জুৱা খেল বন্ধ কৰাৰ দাবী জনায় স্থানীয় ৰাইজে । এতিয়া এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচত এই জুৱা খেল বন্ধ হ’বনে ? সেয়া পৰৱৰ্তী সময়ত হে হ’ব লক্ষণীয় ।

উল্লেখ্য যে, ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰী আৰু অবৈধ জুৱাৰ খেলৰ বাবে প্ৰশাসনে কঠোৰ অভিযান চলাই আহিছে ৷ তাৰ পিচতো একাংশ লোকে এতিয়াও প্ৰশাসনক বৃদ্ধাংগুষ্ঠ দেখুৱাই অবাধে এনে অনৈতিক কাৰ্যত লিপ্ত হৈ আহিছে ৷ প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পিচতো এতিয়াও কিছু অঞ্চলত আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰাৰো অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক: Fake Currency seized : যোৰাবাটত জব্দ বৃহৎ পৰিমাণৰ নকল নোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.