বৰপেটা, ২১ ছেপ্টেম্বৰ : বৰপেটা জিলাত অব্যাহত আছে আৰক্ষীৰ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান (Police crackdown on drugs in Barpeta) । গোপন খবৰৰ ভিত্তিত মঙলবাৰে নিশা তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ নেতৃত্বত উপ-পৰিদৰ্শক সীমান্ত বৰ্মনসহ আৰক্ষীৰ এটি দলে গেলাবিল গাঁৱত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলায় ।
গেলাবিলৰ প্ৰয়াত মহম্মদ আলী খানৰ ৪৪ বছৰীয়া পুত্ৰ মহৰ আলী খানৰ বাসগৃহত আৰক্ষীৰ দলটোৱে অভিযান চলায় । অভিযানকালত ২১০ টা অবৈধভাবে মজুত কৰি ৰখা নিচাজাতীয় ঔষধৰ বটল জব্দ কৰে আৰক্ষীয়ে (Tarabari police of Barpeta seized drugs) । নিচাজাতীয় দ্ৰব্যৰ অবৈধ ব্যৱসায় চলাই থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে মহৰ আলী খানক (police detained drugs trader in Barpeta) ।
ধৃত মহৰ আলী খানৰ পৰা ২১০ টা নিচাজাতীয় ঔষধৰ বটল আৰু মোবাইল ফোন এটা আৰক্ষীয়ে জব্দ কৰে । উল্লেখ্য যে ধৃত মহৰ আলী খানৰ জনতা বজাৰত এখন ফাৰ্মাচী আছে (illegal drugs seized in Barpeta) ।
ধৃত মহৰ আলী খানে ফাৰ্মাচীৰ অচিলাৰে দীৰ্ঘদিন ধৰি অবৈধভাৱে নিচাজাতীয় দ্ৰব্যৰ অবৈধ বেহাই চলাই অহাৰ অভিযোগ উত্থাপন হৈছে । ধৃত মহৰ আলী খানৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগে ।