জনীয়া, 5 আগষ্ট: পৰকীয়া প্ৰেমৰ ভয়ংকৰ ৰূপ (Extra Marital Affair) ৷ জনীয়াৰ বাংলীপাৰাত বৃহস্পতিবাৰে পত্নীক হত্যা কৰি ইয়াক আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ এক ঘটনা পোহৰলৈ আহিছে (suspected murder case at Jania ) ৷
ঘটনাৰ বিৱৰণী অনুসৰি বাংলীপাৰা গাঁৱৰ মীৰ ৰৌশন আলীৰ পুত্ৰ বাহাৰুল ইছলামৰ (36) সৈতে কুমুল্লীপাৰা গাঁৱৰ জলিলুৰ ৰহমানৰ কন্যা জেৰিফা খাতুনে (19) প্ৰায় 7 মাহৰ পূৰ্বে সামাজিক ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল (Husband killed wife) ৷
বিয়াৰ পিছতেই জেৰিফাৰ স্বামী বাহাৰুলৰ আৰু তেওঁৰ ভাই বোৱাৰীৰ সৈতে থকা অবৈধ সম্পৰ্ক থকা কথা প্ৰত্যক্ষ কৰে ৷ এই বিষয়তে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটিছিল ৷ এই কথা জেৰিফাই নিজ আত্মীয়ক অৱগত কৰিছিল ৷ ইয়াৰ পিছতে জেৰিফাৰ পিতৃ গৃহৰ লোকে বাহাৰুলৰ ঘৰলৈ আহি দুয়োৰে মাজৰ সমস্যাৰ মীমাংসা কৰি দিছিল ৷ কিন্তু মীমাংসা কৰাৰ দুদিনৰ পিছতেই জেৰিফাই চিপ লৈ আত্মহত্যা কৰি বুলি পিতৃ জলিলুৰ ৰহমানক খবৰ দিয়ে স্বামীৰ পৰিয়ালে ৷
লগে লগে জেৰিফাৰ পিতৃ গৃহৰ পৰিয়াল ঘটনাস্থলীত উপস্থিত হৈ কন্যাৰ মৃতদেহ উদ্ধাৰ কৰে ৷ জেৰিফাৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰে ভাতৃ আৰু পিতৃয়ে ৷ পৰকীয়া প্ৰেমত বাধা সৃষ্টি কৰাৰ বাবেই জেৰিফাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে পিতৃয়ে ৷ আনকি জেৰিফাৰ মৃত্যুৰ ঘটনাৰ লগত স্বামী মীৰ বাহাৰুল ইছলাম, বাহাৰুলৰ পিতৃ মীৰ ৰৌশন আলী, মাতৃ ফজিলা খাতুন আৰু ভাই বোৱাৰী জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে জেৰিফাৰ পিতৃয়ে ৷
ইতিমধ্যে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ জেৰিফাৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে ৷ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিজনক আটক কৰিছে ৷ আটকাধীন স্বামীসহ স্বামীৰ পিতৃ-মাতৃক সোধ-পোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: Domestic violence in Assam: স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক