ETV Bharat / state

হাউলীত শুভাৰম্ভ ৯২ সংখ্যক ৰাস মহোৎসৱ - শ্ৰীকৃষ্ণৰ ৰাসলীলাৰে মুখৰিত বৰপেটা

বৰপেটাৰ হাউলীত সোমবাৰৰ পৰা আৰম্ভ হ'ল ৯২ সংখ্যক ৰাস মহোৎসৱ ৷ মহোৎসৱৰ দ্বাৰ মুকলি কৰিলে ফনীভূষণ চৌধুৰীয়ে ৷ স্মৃতিগ্ৰন্থ মুৰুলী উন্মোচন কৰে বিশিষ্ট সাংবাদিক মৃনাল তালুকদাৰে ৷

বৰপেটাৰ হাউলীত ৯২ সংখ্যক ৰাস মহোৎসৱ
author img

By

Published : Nov 12, 2019, 12:54 AM IST

বৰপেটা, 11 নৱেম্বৰঃ বিতোপন শৰতৰ শুভ্ৰ নিশা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰে মুখৰিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ ৰাজ্যখনৰ চৌদিশ কৃষ্ণ প্ৰেমৰ বন্দনাত মুখৰিত হোৱাৰ সমান্তৰালভাৱে বৰপেটাৰ হাউলীতো সোমবাৰৰ পৰা আৰম্ভ হৈছে 92 সংখ্যক ৰাস মহোৎসৱ ৷ সোমবাৰে ৰাজ্যৰ যোগানমন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে মুখ্য দ্বাৰ মুকলিৰে শুভাৰম্ভ কৰে হাউলী ৰাস মহোৎসৱৰ ৷ এক বৰ্ণাধ্য সাংস্কৃতিক শোভাযাত্ৰাৰে ফনীভূষণ চৌধুৰীক আদৰি অনাৰ পিচতে ফনীভূষণ চৌধুৰীয়ে ফিটা কাটি ৰাস মহোৎসৱৰ দ্বাৰ মুকলি কৰে ৷

বৰপেটাৰ হাউলীত ৯২ সংখ্যক ৰাস মহোৎসৱ
বৰপেটাৰ হাউলীত ৯২ সংখ্যক ৰাস মহোৎসৱ

সোমবাৰৰ পৰা পোন্ধৰ দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাস মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠানৰ মুকলি সভাত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, বিশিষ্ঠ সাংবাদিক মৃনাল তালুকদাৰ, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, বৰপেটাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰকে মুখ্য কৰি কেবাগৰাকীও বিশিষ্ঠ ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ঠ লেখক আৰু প্ৰতিদিন টাইমৰ সম্পাদকীয় ব'ৰ্ডৰ উপদেষ্টা মৃনাল তালুকদাৰে ৰাসমহোৎসৱ উপলক্ষে প্ৰকাশ কৰা 'মুৰুলী' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷ ইপিনে, হাউলী ৰাস মহোৎসৱস্থলীত গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰে বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷ ৰাস মহোৎসৱ উপলক্ষে সোমবাৰে অসংখ্য ভক্ত দৰ্শনাৰ্থীৰ সমাগম হয় ৷

Intro:
বৰপেটা, ১১ নৱেম্বৰঃ বিতোপন শৰতৰ শুভ্ৰ নিশা শ্ৰীকৃষ্ণৰ ৰাসলীলাৰে মুখৰিত হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্ত ৷ ৰাজ্যখনৰ চৌদিশ কৃষ্ণ প্ৰেমৰ বন্দনাত মুখৰিত হোৱাৰ সমান্তৰালভাৱে বৰপেটাৰ হাউলীতো সোমবাৰৰ পৰা আৰম্ভ হৈছে বিৰান্নবৈ সংখ্যক ৰাস মহোৎসৱ ৷ সোমবাৰে ৰাজ্যৰ যেগানমন্ত্ৰী ফনীভূষণ চৌধুৰীয়ে মুখ্য দ্বাৰ মুকলিৰে শুভাৰম্ভ কৰে হাউলী ৰাস মহোৎসৱৰ ৷ এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে ফনীভূষণ চৌধুৰীক আদৰি অনাৰ পিচতে ফনীভূষণ চৌধুৰীয়ে ফিটা কাটি ৰাস মহোৎসৱৰ দ্বাৰ মুকলি কৰে ৷ Body:সোমবাৰৰ পৰা পোন্ধৰ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰাস মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠানৰ মুকলি সভাত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাস, সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ, বিশিষ্ঠ সাংবাদিক মৃনাল তালুকদাৰ, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, বৰপেটাৰ আৰক্ষী অধীক্ষক ড0 ৰবীন কুমাৰকে মুখ্য কৰি কেবাগৰাকীও বিশিষ্ঠ ব্যক্তিয়ে অংশগ্ৰহন কৰে ৷ অনুষ্ঠানত অংশগ্ৰহন কৰি বিশিষ্ঠ লেখক আৰু প্ৰতিদিন টাইমৰ সম্পাদকীয় বৰ্ডৰ উপদেষ্টা মৃনাল তালুকদাৰে ৰাসমহোৎসৱ উপলক্ষে প্ৰকাশ কৰা 'মুৰুলী' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷ ইপিনে হাউলী ৰাস মহোৎসৱস্থলীত গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰে বিশিষ্ঠ সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰই ৷ ৰাস মহোৎসৱ উপলক্ষে আজি অসংখ্য ভক্ত দৰ্শনীৰ্থীৰ সমাগম হয় ৷

Conclusion:বাইটঃ ফনীভূষন চোধুৰী ৷

--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.