হাউলী, 15 নৱেম্বৰঃ বৰপেটাৰ হাউলী বৰবাৰীঝাৰত অগ্নিকাণ্ড ৷ বৰবাৰীঝাৰৰ জহৰ আলী নামৰ লোকজনৰ ঘৰত সংঘটিত হয় অগ্নিকাণ্ডটো ৷ ঘৰত থকা ৰেফ্ৰিজাৰেটৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ অগ্নিকাণ্ডটোৰ ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় তেখেতৰ বাসগৃহটো ৷
উল্লেখ্য যে, জহৰ আলী নামৰ লোকজন পেচাত জালৰ ব্যৱসায়ী ৷ অগ্নিকাণ্ডটোত কেইবালাখ টকাৰ জালৰ লগতে নগদ 4 লাখ টকা আৰু 3 লাখ টকাৰ আ-অলংকাৰকে ধৰি প্ৰায় 50 লাখ টকাৰ সম্পত্তি ভষ্মীভূত হোৱা বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷ পৰৱৰ্তী সময়ত হাউলী তথা বৰপেটাৰোডৰ পৰা অহা তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন তথা স্থানীয় লোকৰ সহযোগত জুঁই নুমুৱাবলৈ সক্ষম হয় ৷