ETV Bharat / state

যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীলৈ "হাউলী বঁটা ২০২৩"

বিগত বৰ্ষৰ দৰে এইবেলিও বৰপেটাৰ হাউলীত পোন্ধৰ দিনীয়া কাৰ্যসূচীৰে ২৬ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ ৯৬ সংখ্যক ৰাস মহোৎসৱ আৰম্ভ হ’ব ৷ এইবেলি যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীক "হাউলী বঁটা ২০২৩" ৰে সন্মানিত কৰা হ’ব ৷

RAAS MAHOTSAV IN HOWLY
যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীলৈ "হাউলী বঁটা ২০২৩" ঘোষণা
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 11:55 AM IST

যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীলৈ "হাউলী বঁটা ২০২৩" ঘোষণা

বৰপেটা, ২১ নৱেম্বৰ : সমাগত ৰাস মহোৎসৱ ৷ বিগত বৰ্ষৰ দৰে এইবেলিও বৰপেটাৰ হাউলীত পোন্ধৰ দিনীয়া কাৰ্যসূচীৰে ২৬ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ ৯৬ সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হ’ব ৷ ৰাস মহোৎসৱৰ আয়োজন আৰু অগ্ৰগতি সম্পৰ্কে উদযাপন সমিতিয়ে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰে ৷ এইবেলি এই ৰাস মহোৎসৱৰ বাবে মুঠ ১ কোটি ৫০ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ ১৬ খন উপ-সমিতিৰ লগতে ৮১ জন কাৰ্যনিৰ্বাহক সদস্যৰে গঠিত মূল সমিতিয়ে প্ৰায় ৪০০ জন বিষয়ববীয়া আৰু সদস্যৰ সহযোগত ৰাস মহোৎসৱ পৰিচালনা কৰিব ৷

মিচিং সাহিত্য সভাৰ সভাপতি হৰি নাৰায়ণ পেগুৱে আনুষ্ঠানিকভাৱে মুকলি কৰিবলগীয়া এই ৰাস মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু বিধায়ক আব্দুৰ ৰহিম আহমেদ উপস্থিত থাকিব বুলি উদযাপন সমিতিয়ে সংবাদমেলত প্ৰকাশ কৰে ৷ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি মহোৎসৱস্থলীত ৬০ টা অত্যাধুনিক চিচি কেমেৰা, কেইবাখনো দ্ৰোণ কেমেৰাৰ উপৰি পৰ্যাপ্ত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লগতে প্ৰতিদিনে ৪০০ স্বেচ্ছাসেৱকে নিৰাপত্তাৰ দিশটো চোৱা-চিতা কৰিব বুলি সংবাদমেলত উল্লেখ কৰে ।

ইয়াৰ লগতে, এইবেলি যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীক "হাউলী বঁটা ২০২৩" ৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি সংবাদমেলখনত ঘোষণা কৰা হয় । আনহাতে হাউলী ৰাসৰ উপহাৰ কুপন খেলৰ টিকটক লৈ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইয়াৰোপৰি একাংশ লোকে অধিক দামত খেলৰ টিকট বিক্ৰী কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷

উল্লেখ্য যে, এইবৰ্ষৰ ৰাসৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ’ব মনিষা হাজৰিকা, জে পি দাস, ড৹ মৌচুমী চহৰীয়া, লোহিত গগৈ, জয় চক্ৰৱৰ্তী, মুম্বাইৰ শিল্পী পৱনদ্বীপ ৰাজন ৷ ৰাসৰ আটাইকেইটা দিনতে ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ বিষয়ে সৰৱ সাংসদ গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.