ETV Bharat / state

সত্ৰ নগৰীত মাথো ৰঙৰ সমাহাৰ - আবিৰ

শুকুৰবাৰে বৰপেটা সত্ৰত পালন কৰা হৈছে সুঁৱেৰী উৎসৱ ৷ নানা ৰং আৰু হোলীগীতৰ ছন্দত মুখৰিত সত্ৰনগৰীৰ আকাশ-বতাহ ৷

আবিৰৰ ৰঙেৰে ৰঙীন সত্ৰনগৰী
author img

By

Published : Mar 22, 2019, 3:13 PM IST

বৰপেটা, ২২ মাৰ্চঃ আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰিছে সত্ৰনগৰী বৰপেটা ৷ বুধবাৰৰ পৰা সত্ৰীয়া ৰীতি-নীতিৰে তিনিদিনীয়াকৈ আৰম্ভ হোৱা দৌল মহোৎসৱৰ আজি অন্তিম দিন ৷ শুকুৰবাৰে বৰপেটা সত্ৰত পালন কৰা হৈছে সুঁৱেৰী উৎসৱ ৷

আবিৰৰ ৰঙেৰে ৰঙীন সত্ৰনগৰী

উল্লেখ্য যেসত্ৰীয়া পৰম্পৰা অনুসৰি গোঁসাই দৌলগৃহত আৰোহণ কৰি থকা সময়ত ফাকু খেলিব নোৱাৰে ভক্তসকলে ৷ মাথো গোঁসাইক ফাকুগুৰিৰে সেৱা জনায় ভক্তসকলে ৷ বুধবাৰে নিশা দৌলত আৰোহণ কৰা দৌলগোবিন্দ মহাপ্ৰভু আৰু কলীয়া ঠাকুৰ গোঁসাইক নক্ষত্ৰ গণনা অনুসৰিবৃহস্পতিবাৰে ভৰদৌলৰ নিশা দৌলগৃহৰ পৰা নমাই যগমোহন গৃহত ৰখা হয় ৷ বৃহস্পতিবাৰে নিশা গোঁসাইক দৌলৰ পৰা নমাই অনাৰ পাচতেই হোলীগীতৰ ছন্দ আৰু ৰঙত বুৰ যায় সত্ৰনগৰী বৰপেটা ৷

Slug:       A_BAR_22MARCH_801TO805_DEUL_LASTDAY_VIS_BAPKAN_DAS                       বৰপেটা সত্ৰত আজি দৌল মহোৎসৱৰ সুৱেৰীঃ ৰঙত ডুব যায় সত্ৰনগৰী ৷

বৰপেটা, ২২ মাৰ্চঃ বৰপেটা সত্ৰত বুধবাৰৰ পৰা সত্ৰীয়া ৰীতি আৰু পৰম্পৰাৰে তিনিদিনীয়াকৈ আৰম্ভ হোৱা দৌল মহোৎসৱৰ আজি শেষদিন ৷ আজি বৰপেটা সত্ৰত পালন কৰা হৈছে সুঁৱেৰী উৎসৱ ৷ আজি ৰঙে ৰঙে একাকাৰ হৈ পৰিছে সত্ৰনগৰী বৰপেটা ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি গোসাই দৌলগৃহত আৰোহন কৰি থকা সময়ত ভক্তসকলে  ফাকু খেলিব নোৱাৰে ৷ মাথো গোসাইক ফাকুগুৰিৰে সেৱা জনায় ভক্তসকলে ৷ বুধবাৰে বহ্নুৎসৱৰ নিশা দৌলত আৰোহন কৰা দৌলগোবিন্দ মহাপ্ৰভূ আৰু কলীয়া ঠাকুৰ গোঁসাইক নক্ষত্ৰ গণনা অনুসৰি বৃহস্পতিবাৰে ভৰদৌলৰ নিশা দৌলগৃহৰ পৰা নমাই যগমোহন গৃহত ৰখা হৈছে ৷ বৃহস্পতিবাৰে নিশা গোসাই দৌলৰ পৰা নমাৰ পিচতেই আজি হোলীগীতৰ সুৰ আৰু আবিৰৰ ৰঙত ডুব যায় বৰপেটা ৷ আজি পুৱাৰে পৰাই আয়তী, পুৰুষ, মহিলা যুৱক যুৱতী সকল বৰপেটা সত্ৰত উপস্থিত হৈ ইজনে সিজনক ফাকুগুৰিৰে হোলীৰ শুভেচ্ছা জনায় ৷ আবিৰৰ ৰঙত ৰঙীন হৈ পৰা সত্ৰনগৰীৰ আকাশ বতাহ মুখৰিত হৈ পৰে  মন প্ৰাণ উতলা কৰা হোলীগীতৰ সুৰেৰে ৷ বৰপেটাৰ প্ৰানৰ উছৱ, মনৰ উছৱ, ৰঙৰ উছৱ দেউলৰ আনন্দ উলাহত মতলীয়া হৈ পৰা প্ৰতিজনৰ কন্ঠৰ পৰা নিগৰিত হয় হোলীগীতৰ অমিয়া সুৰ ৷ আবিৰৰ ৰং, কৃষ্ণপ্ৰেম আৰু প্ৰকৃতি বন্দনাৰে মুখৰিত হোলীগীতৰ সুৰত বৈকুন্ঠপুৰীত পৰিনত হৈ পৰে সত্ৰনগৰী বৰপেটা ৷                        
 ---- বাপকন দাস, বৰপেটা       
 ফুটেজ ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.