ETV Bharat / state

আজিও উপেক্ষিত কৃষক বিদ্ৰোহৰ ইতিহাস প্ৰসিদ্ধ সৰ্থেবাৰীৰ এখন গাঁও

author img

By

Published : Aug 16, 2021, 10:07 PM IST

Updated : Aug 17, 2021, 4:03 PM IST

সৰ্থেবাৰীৰ এখন ঐতিহাসিক গাঁও ৷ য’ৰ পৰাই সূত্ৰপাত ঘটিছিল কৃষক বিদ্ৰোহৰ ৷ বৃটিছৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে সমবেত হৈছিল শত সহস্ৰ কৃষক ৰাইজ ৷

history of  lashima peasant rebellion
কৃষক বিদ্ৰোহৰ ইতিহাস প্ৰসিদ্ধ এখন ঠাই

বৰপেটা, 16 আগষ্ট : তাৰিখ ১৮৯৪ চনৰ ২৪ জানুৱাৰী ৷ কৃষক ৰাইজ একত্ৰিত হৈ আৰম্ভ কৰিছিল এখন ৰাইজমেল ৷ ব্ৰিটিছে খাজনা বৃদ্ধি কৰাৰ প্ৰতিবাদতে বহিছিল এই ৰাইজমেল ৷ এই ৰাইজমেলৰ পৰা সূত্ৰপাত ঘটিছিল কৃষক বিদ্ৰোহৰ ৷

খাজনা নীতিৰ বিৰুদ্ধে ৰাইজ মেল অনুষ্ঠিত কৰা এই ইতিহাস প্ৰসিদ্ধ ঠাইখনেই হ'ল বৰপেটা জিলাৰ লচিমাৰ পানাগাঁৱৰ টুপ ৷ সৰ্থেবাৰীৰ সমীপৰ এই লচিমাৰ পানাগাঁৱৰ টুপৰ পৰাই অসমত সূত্ৰপাত ঘটিছিল প্ৰথম কৃষক বিদ্ৰোহৰ ৷ সৰ্থেবাৰীৰ পুষ্পৰাম কঁহাৰ, কাণকটা মেলকী, ব্যাসকুছিৰ যজ্ঞেশ্বৰ দেৱ গোস্বামী আদি কেইবাগৰাকী স্বাধীনতা সংগ্ৰামীৰ নেতৃত্বতেই বহিছিল এই ঐতিহাসিক ৰাইজমেল ৷

আজিও উপেক্ষিত কৃষক বিদ্ৰোহৰ ইতিহাস প্ৰসিদ্ধ সৰ্থেবাৰীৰ এখন গাঁও

লগতে পঢ়ক: তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ

তাৰোপৰি সেই সময়ৰ বৃটিছৰ মহকুমাধিপতি মাধৱ বৰদলৈক খাজনা নিদিওঁ বুলি খেদি পঠিয়াইছিল সৰুক্ষেত্ৰীৰ ৰাইজে । ব্ৰিটিছে খাজনা বৃদ্ধি কৰাৰ প্ৰতিবাদত এই পানাগাঁৱৰ টুপতে একত্ৰিত হৈছিল ক্ষেত্ৰী পৰগণাৰ কৃষক ৰাইজো । পৰাধীন ভাৰতত খাজনা বৃদ্ধিকে ধৰি বৃটিছৰ অপশাসনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল কৃষক ৰাইজ ৷

বৰ্তমান সময়ত ই এক ইতিহাস যদিও এই ঐতিহাসিক ৰাইজমেলস্থলীক কিন্তু কণমানো গুৰুত্ব নিদিলে চৰকাৰে ৷ স্বাধীনতাৰ ৭৫ বছৰ পিছতো উপেক্ষিত সৰ্থেবাৰীৰ লচিমাৰ এই ঐতিহাসিক ৰাইজমেলৰ স্থলি হিচাপে পৰিচিত পানাগাঁওৰটুপ ।

উল্লেখ্য যে, পানাগাঁওৰটুপৰ এই ৰাইজমেলৰ চাৰিদিন পিছত পথৰুঘাটত অনুষ্ঠিত হৈছিল আনখন ৰাইজমেল ৷ চৰকাৰে পথৰুঘাটৰ সেই সংগ্ৰামী চেতনাৰ ইতিহাসক গুৰুত্ব দিয়াৰ দৰেই পানাগাঁৱৰ টুপৰ ঐতিহাসিক ৰাইজমেলকো দিয়ক সমানেই গুৰুত্ব ৷ অন্যথা সময়ৰ সোঁতত একেবাৰে হেৰাই পৰিব কৃষক বিদ্ৰোহৰ সূত্ৰপাত ঘটা সেই বিখ্যাত পানাগাঁৱৰ টুপ ।

লগতে পঢ়ক: কংগ্ৰেছে কি দিয়া নাছিল সুস্মিতাক ?

Last Updated : Aug 17, 2021, 4:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.