জনীয়া , 14 অক্টোবৰঃ জনীয়াত পুৰ্ণোদ্যমে চলি আছে বিজেপিৰ নিৰ্বাচনী সভা ৷ সোমবাৰে বিজেপি দলৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ জনীয়াত উপস্থিত হ'ল বিত্তমন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ৷ জনীয়া সমষ্টিৰ বিজেপিৰ সভাপতি গজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে ৷ ড0 হিমন্ত বিশ্ব শৰ্মাই সাংসদ খালেকে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হোৱাটো নিবিচাৰে বুলি তাচ্ছিল্য কৰাৰ লগতে কংগ্ৰেছৰ দিনত অসমত যিমান সংখ্যক সংখ্যালঘুক হত্যা হৈছে ভাৰতবৰ্ষৰ কতো হোৱা নাই বুলিও মন্তব্য কৰে ৷ বেছি ক্ষমতা থকা আৰু ডাবল ভিটামিন থকা বিধায়কেহে ডেৰ বছৰত ৰাইজৰ কাম কৰিব পাৰিব বুলি আশ্বাস দি তৌফিকুৰ ৰহমানক তেণ্ডুলকাৰৰ নিচিনা চেঞ্চুৰী মৰা বেটছমেন বুলি আখ্যা দিয়ে মন্ত্ৰীজনে ৷
লগতে পঢ়কঃ চৰ-কিল খাই গোলঘাটত চহৰৰ মাজমজিয়াত কোন এইজন স্বামী