ETV Bharat / state

বৰপেটাৰোডৰ ফাষ্ট ফুড ৰেষ্টুৰেণ্টত অনৈতিক কাৰ্যকলাপ - ট্ৰেড লাইচেঞ্চ

বৰপেটাৰোড ৰে’লৱে ষ্টেচনৰ সমীপৰ "হাৰ্বছ এণ্ড স্পাইচেছ" নামৰ এখন ফাষ্ট ফুডৰ ৰেষ্টুৰেণ্টত অনৈতিক কাৰ্য চলাই থকা বুলি অভিযোগ ৷ বৰপেটাৰোড আৰক্ষীৰ "হাৰ্বছ এণ্ড স্পাইচেছ"ত অতৰ্কিতে অভিযান ৷ স্বত্বাধিকাৰী মিনাৰুল আবেদিনক আটক ৷

herbs-and-spices-restuurent-seal-in-barpeta-road
বৰপেটাৰোডৰ ফাষ্ট ফুড ৰেষ্টুৰেণ্টত অনৈতিক কাৰ্যকলাপ
author img

By

Published : May 18, 2021, 10:39 PM IST

বৰপেটাৰোড, 18 মে': বৰপেটাৰোডৰ বাসিন্দা তথা কংগ্ৰেছ নেতা মোজাম্মিল হকে আৰু তেওঁৰ পত্নী ৰেজিনা বেগমৰ নামত ক্ৰয় কৰা মাটি ডোখৰত কলহভাঙ্গাৰ যুৱক মিনাৰুল আবেদিনে দীৰ্ঘদিন ধৰি "হাৰ্বছ এণ্ড স্পাইচেছ" নামৰ এখন ফাষ্ট ফুডৰ ৰেষ্টুৰেণ্টত খুলি অনৈতিক কাৰ্য চলাই থকা বুলি অভিযোগ উত্থাপিত হৈছিল ৷ গ্ৰাহকৰ পৰা প্ৰতি ঘন্টাত তিনিশ টকাকৈ আদায় লৈ মিনাৰুল আবেদিনে যুৱক-যুৱতীক অনৈতিক কাৰ্য চলাবলৈ সুবিধা দিছিল ৷

বৰপেটাৰোডৰ ফাষ্ট ফুড ৰেষ্টুৰেণ্টত অনৈতিক কাৰ্যকলাপ

সেয়ে বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন গোস্বামীৰ নেতৃত্বত আৰক্ষীৰ বৃহৎ দল এটাই বৰনগৰ ৰাজহ চক্ৰৰ সংলগ্ন চক্ৰ বিষয়া বিপুল ডেকাৰ উপস্থিতিত "হাৰ্বছ এণ্ড স্পাইচেছ"ত অতৰ্কিতে অভিযান চলায় ৷ অভিযান কালত "হাৰ্বছ এণ্ড স্পাইচেছ"ৰ পৰা কেবাজনো যুৱক-যুৱতীয়ে পিছ দুৱাৰেৰে পলায়ন কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সেয়ে বৰপেটাৰোড আৰক্ষীয়ে বৰনগৰ ৰাজহ চক্ৰৰ সংলগ্ন ৰাজহ চক্ৰ বিষয়াৰ উপস্থিতিত "হাৰ্বছ এণ্ড স্পাইচেছ" ৰেষ্টুৰেণ্টখন ছীল কৰি দিয়ে ৷

উল্লেখ্য যে, ট্ৰেড লাইচেঞ্চ নোহোৱাকৈ বৰপেটাৰোড পৌৰসভাৰ পৰা মাত্ৰ এখন No Objective ৰ প্ৰমান পত্ৰ উলিয়াই চহৰখনৰ মাজ মজিয়াত এইদৰে "হাৰ্বছ এণ্ড স্পাইচেছ"’ খুলি অনৈতিক কাৰ্য চলাই ধন ঘটি থকাত বৰপেটাৰোডবাসীয়ে আশ্চৰ্য প্ৰকাশ কৰিছে ৷ বৰপেটাৰোড আৰক্ষীয়ে মিনাৰুল আবেদিনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশ: বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন কিমান শুদ্ধ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.