ETV Bharat / state

পূজাৰ বতৰতো চকু সেমেকা টেণ্ট হাউচৰ স্বত্বাধিকাৰীৰ

author img

By

Published : Oct 22, 2020, 12:29 PM IST

শাৰদীয় দুৰ্গোৎসৱতো আৰ্থিক লগ এৰা নাই টেণ্ট হাউচ আৰু শব্দ যন্ত্ৰৰ স্বত্বাধিকাৰী তথা কৰ্মীসকলক ৷ ক’ভিড প্ৰট’কল মানি পূজাৰ আয়োজন কৰাৰ বাবে পূৰ্বৰ দৰে অৰ্ডাৰ লাভ কৰা নাই স্বত্বাধিকাৰীসকলে ৷ সেয়েহে মূৰে-কপালে হাত দিয়ে এইসকল দুৰ্ভগীয়া ব্যৱসায়ীয়ে ৷

Helpless tent house workers in Barpeta
পূজাৰ বতৰতো চকু সেমেকা টেণ্ট হাউচৰ স্বত্বাধিকাৰীৰ

বৰপেটা,22 অক্টোবৰ : দুৰৱস্থাই লগ এৰা নাই টেণ্ট হাউচ আৰু শব্দ যন্ত্ৰৰ স্বত্বাধিকাৰীসকলক। লকডাউন খুলি দিয়াৰ পাচতো পূজাৰ বতৰত চকু সেমেকা হৈ পৰিছে পেণ্ডেল আৰু চাউণ্ডৰ ব্যৱসায়ীসকলৰ ৷ পূৰ্বৰ দৰে শাৰদীয় দুৰ্গোৎসৱত কোনো ধৰণৰ অৰ্ডাৰ লাভ নকৰাত এতিয়া ভাত মুঠিৰ বাবে চিন্তিত হৈ পৰিছে এই ব্যৱসায়ীসকল ।

ক’ভিড প্ৰট’কল মানি এইবাৰ পূজা সমিতিসমূহে আয়োজন কৰিছে শাৰদীয় দূৰ্গা পূজা । সেয়েহে পুনৰ বিপদত পৰিছে পেণ্ডেলৰ মালিক আৰু কৰ্মচাৰীসকল ।পূৰ্বৰ দৰে দুৰ্গোৎসৱৰ বাবে পেণ্ডেল নিৰ্মাণৰ অৰ্ডাৰ লাভ নকৰাত এতিয়া পেণ্ডেলৰ সৈতে জড়িত হৈ থকা মালিক-কৰ্মচাৰীসকলৰ মাজত নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে ।

3-4 খন পূজা মণ্ডপৰ অৰ্ডাৰ লাভ কৰাৰ পৰিৱৰ্তে এইবাৰ অৰ্ডাৰ লাভ কৰিছে মাত্ৰ এখন পূজা মণ্ডপৰহে,যাৰ বাবে এতিয়া এই ব্যৱসায়ীসকলৰ মাজত আৰ্থিক সংকটে দেখা দিয়া পৰিলক্ষিত হৈছে । আৰ্থিকসংকটত জুৰুলা হৈ পৰা এইসকল পেণ্ডেল আৰু শব্দ যন্ত্ৰৰ মালিক-কৰ্মচাৰীক আৰ্থিক সহায় আগবঢ়াবলৈ তেওঁলোকে চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনায় ৷

লগতে পঢ়ক : সীমা বিবাদ : মিজোৰামৰ বিজেপি ৰাজ্যিক সভাপতিৰ বিতৰ্কিত মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.