ETV Bharat / state

নিৰ্দেশনাৰ পিছতো গধুৰ বাহনৰ যাতায়াত অব্যাহত, নীৰৱ প্ৰশাসন - Erosion in kalgachia

পথত বন্ধৰ ফলক আঁৰিয়েই দায়িত্ব সামৰিছে বৰপেটা জিলা প্ৰশাসনে ৷ প্ৰশাসনৰ নিৰ্দেশনাক এক প্ৰকাৰ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি বন্ধ পথেৰে অনায়াসে চলাচল কৰি আছে গধুৰ যান-বাহনসমূহ(Heavy vehicles continue to travel despite guidelines) ৷ পথটোৰ দায়িত্বত থকা আৰক্ষীৰ ভূমিকাও অতি ৰহস্যজনক ৷

heavy-vehicles-continue-to-travel-despite-guidelines-by-administration-in-kalgachia
প্ৰশাসনৰ নীৰৱ ভূমিকা
author img

By

Published : May 7, 2022, 1:57 PM IST

জনিয়া, 7 মে’ : বিগত প্ৰায় ছমাহে বন্ধ হৈ আছে অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাঁৱলৈ যোৱা 2নং বিকল্প ৰাজ্যিক ঘাইপথটো ৷ যোৱা বছৰ বাৰিষাৰ সময়ত বেকী নদীয়ে গতিপথ সলনি কৰি এই পথৰ নিচেই কাষেৰে বৈ গৈছিল ৷ যাৰ ফলত পথটোৰ অধিকাংশ অংশয়ে খহনীয়া(Erosion in kalgachia)ৰ কৱলত পৰে ৷

আনহাতে, বেকীৰ বানেও বিগত সময়ত ক্ষতিগ্ৰস্ত কৰে পথচোৱাৰ ৷ ভৱিষ্যতে যাতে পথচোৱাত কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত নহয়, তাৰ বাবে বৰপেটা জিলা প্ৰশাসনে(Barpeta District Administration) উক্ত পথচোৱাৰে গধুৰ যান-বাহন চলাচল কৰাৰ ক্ষেত্ৰত বান্ধি দিছিল নীতি-নিৰ্দেশনা ৷ কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ উপস্থিতিত বামুণটাৰী বজাৰ অংশত এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰি আঁৰি দিয়া হৈছিল এখন ফলক ৷

নিৰ্দেশনা জাৰিৰ পিছতো যাতায়াত অব্যাহত গধুৰ বাহনৰ

কিন্তু প্ৰশাসনৰ নিৰ্দেশনাক কেৰেপ নকৰি উক্ত পথচোৱাৰে আজিও অব্যাহত আছে গধুৰ যান-বাহনৰ চলাচল(Heavy vehicles continue to travel despite guidelines) ৷ পূৰ্বেও এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছিল যদিও পথটোৰ সন্দৰ্ভত কঠোৰ নহ’ল স্থানীয় প্ৰশাসন ৷ স্থানীয় লোকসকলে এই সন্দৰ্ভত ৰাজহ চক্ৰৰ চক্ৰ বিষয়াগৰাকীক অৱগত কৰে যদিও কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল ৷

উল্লেখ্য যে, এই পথচোৱাৰ দায়িত্বত নিয়োজিত আৰক্ষী বিষয়াসকলৰো ভূমিকা ৰহস্যজনক হোৱা পৰিলক্ষিত হৈছে ৷ যদিহে এনেক্ষেত্ৰত প্ৰশাসন অথবা বিভাগীয় কৰ্তৃপক্ষই কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে কোনো অনাংকাক্ষিক দুৰ্ঘটনা সংঘটিত হ’লে ইয়াৰ বাবে দায়ী হ’ব কোন ?

লগতে চাওক : প্ৰশাসনৰ নিৰ্দেশ উলংঘা কৰি যান-বাহন চলাচল: ক্ষুব্ধ স্থানীয় ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.