ETV Bharat / state

বজালীত ভেকচিন প্ৰদানক লৈ উত্তপ্ত পৰিস্থিতি

author img

By

Published : Jun 22, 2021, 8:34 AM IST

ক’ভিড মহামাৰীৰ প্ৰতিষেধক প্ৰদানক লৈ বজালী জিলাৰ নিটানন্দত সৃষ্টি হৈছে উত্তেজনাৰ ৷ সমগ্ৰ ৰাজ্যৰ লগতে বজালী জিলাৰ নিটানন্দত সোমবাৰে অফলাইনযোগে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । কিন্তু অতি পৰিতাপৰ বিষয় যে, চিকিৎসালয়ৰ কৰ্মীৰ ভেকো-ভাওনাৰ বাবে অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ ।

tense situation in covid Vaccine centre
বজালীত ভেকচিন প্ৰদানক লৈ উত্তপ্ত পৰিস্থিতি

পাঠশালা,21 জুন: ৰাজ্যত ক'ভিড সংক্ৰমণৰ হাৰ ক্ৰমাগতভাৱে হ্ৰাস পাইছে যদিও এতিয়াও ভয়াবহ হাৰত বৃদ্ধি পাই আছে ক’ভিড আক্ৰান্তৰ সংখ্যা ৷ ক’ভিডৰ গণ সংক্ৰমণ ৰোধ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে ৰাজ্য চৰকাৰেও জাৰি কৰিছে এখনৰ পাচত আনখন নিৰ্দেশনা(SOP) ৷ সোমবাৰেও ৰাজ্যৰ প্ৰশাসন তথা চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰে ৷

ক’ভিড মহামাৰীক প্ৰতিহত কৰিবলৈ ৰাজ্যৰ প্ৰশাসন তথা ৰাজ্যৰ স্বাস্থ্য বিভাগে ইতিমধ্যে ক'ভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিছে ৷ সেই অনুসৰি, অনলাইন আৰু অফলাইন দুয়োটা মাধ্যোমযোগে ক’ভিড মহামাৰীৰ প্ৰতিষেধক গ্ৰহণ কৰাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰাৰ ব্যৱস্থা কৰিছে ৷ কিন্তু, এই প্ৰ-পত্ৰ পূৰণতো বিভিন্ন বিসংগতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

এইবাৰ ক’ভিড মহামাৰীৰ প্ৰতিষেধক প্ৰদানক লৈ বজালী জিলাৰ নিটানন্দত সৃষ্টি হৈছে উত্তেজনাৰ ৷ সমগ্ৰ ৰাজ্যৰ লগতে বজালী জিলাৰ নিটানন্দত সোমবাৰে অফলাইন যোগে ভেকচিন প্ৰদানৰ ব্যবস্থা কৰা হৈছে । ৰাতিপুৱা ৬ বজাৰে পৰা মানুহৰ লানি নিচিগা ভিৰ কৰা পৰিলক্ষিত হৈছে কেন্দ্ৰটোত ৷ কিন্তু অতি পৰিতাপৰ বিষয় যে, চিকিৎসালয়ৰ কৰ্মীৰ ভেকো-ভাওনাৰ বাবে অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, অফলাইনৰ পৰিৱৰ্তে অনলাইনত যোগে আবেদন কৰা সকলক আগতীয়াকৈ প্ৰদান কৰাৰ হৈছে ক'ভিড ভেকচিন । যাৰ ফলত ক্ষোভিত হৈছে সাধাৰণ ৰাইজ ৷

অফলাইন যোগে প্ৰতিষেধক দিয়াৰ কথা আগতীয়াকৈ জনোৱাৰ পাচতো চিকিৎসালয়ত আহি ওলোটা এখন ছবি প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰে । ইয়াৰ পাচতে ভেকচিন গ্ৰহণ কৰিবলৈ অহা ৰাইজৰ মাজত এক অ-প্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হয় ৷ পৰৱৰ্তী সময়ত পাটাছাৰকুছি আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ।

লগতে পঢ়ক: মঙলবাৰৰ পৰা আৰম্ভ অম্বুবাচী: জনশূন্য কামাখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.