ETV Bharat / state

বৰপেটাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

মধ্যাহ্ন ভোজনৰ নামত বৰপেটা জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । প্ৰধান শিক্ষকৰ বিৰুদ্ধে এই অভিযোগ খুদ বিদ্যালয় কতৃপক্ষৰ (Headmaster accused of mid day meal corruption) ৷

বৰপেটাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
বৰপেটাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Dec 31, 2021, 9:24 AM IST

জনীয়া, 31 ডিচেম্বৰ : চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শাৰিৰীক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা মধ্যাহ্ন ভোজন(Mid day meal) আঁচনিখন ক্ৰমাৎ ভেকোঁভাওনাত পৰিণত হৈছে । চৰকাৰে মধ্যাহ্ন ভোজনৰ খাদ্যৰ তালিকা প্ৰস্তুত কৰি দি সেই তালিকা অনুসৰি ছাত্ৰ-ছাত্ৰীক খাদ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিলেও পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত হ’বলগা হৈ আহিছে ছাত্ৰ-ছাত্ৰীসকল ।

তথ্য অনুসৰি, বৰপেটা জিলাৰ কলগাছিয়াৰ প্ৰাথমিক বিদ্যালয় সমূহত প্ৰায়েই সংঘটিত হৈ আহিছে মধ্যাহ্ন ভোজনৰ আহাৰ বিতৰণৰ নামত ব্যাপক দুৰ্নীতি(Mid day meal scam in Barpeta) ৷

বৰপেটাৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

শেহতীয়াকৈ কালামপুৰ চৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ আহাৰ বিতৰণৰ নামত ব্যাপক খেলি মেলিৰ অভিযোগ উত্থাপিত হৈছে । এই অভিযোগ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু সদস্যৰ (Headmaster accused of mid day meal corruption) ।

উল্লেখ্য যে, বৰপেটা জিলাৰ মন্দিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কলগাছিয়াৰ কালামপুৰ চৰ বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আজিজুৰ ৰহমানৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনৰ আহাৰ বিতৰণৰ নামত দুৰ্নীতি সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । বিদ্যালয়ৰ কতৃপক্ষই উত্থাপন কৰা অভিযোগৰ পিছতে খোল খাইছে বিদ্যালয়খনৰ মধ্যহ্ন ভোজনত সংঘটিত ব্যাপক অনিয়মৰ ঘটনা ।

ইফালে বিদ্যালয় পৰিচালনা সমিতিক কোনো ধৰণৰ হিচাপ-নিকাচ নিদি নিজ ইচ্ছা অনুযায়ী প্ৰধান শিক্ষকগৰাকীয়ে চলাই গৈছে বিদ্যালয় ৷ এই অভিযোগ বিদ্যালয় কৰ্তৃপক্ষৰ ৷ এনে পৰিপ্ৰেক্ষিতত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে এক উচ্চস্তৰীয় তদন্তৰ জৰিয়তে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে ৷

লগতে পঢ়ক : প্ৰধান শিক্ষকে আত্মসাৎ কৰিলে মধ্যাহ্ন ভোজনৰ সামগ্ৰী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.