ETV Bharat / state

বৰপেটাত আৰক্ষীলৈ চেনিটাইজাৰ প্ৰদান অধ্যাপকৰ

দেওবাৰে এই আৰক্ষী সকলক সহায়ৰ অৰ্থে আগবাঢ়ি আহে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপকসকল ৷ মহাবিদ্যালয়খনৰ অধ্যাপকসকলে আৰক্ষীৰ লোকসকলৰ বাবে বিশেষভাৱে পৰীক্ষাগাৰত প্ৰস্তুত কৰি উলিয়াই চেনিটাইজাৰ ৷

বৰপেটা
বৰপেটাত আৰক্ষীলৈ চেনিটাইজাৰ প্ৰদান অধ্যাপকৰ
author img

By

Published : Mar 29, 2020, 7:41 PM IST

বৰপেটা, ২৯ মাৰ্চঃ কৰ'ণা ভাইৰাছক লৈ শংকিত বিশ্ব, ত্ৰস্তমান ভাৰত ৷ ক'ৰ'না ভাইৰাছৰ সংক্ৰমন ৰোধৰ বাবে সমগ্ৰ দেশজুৰি লকডাউন ঘোষণা কৰাৰ পিচতো দিনে নিশাই নিজৰ কৰ্তব্যত নিয়োজিত হৈ থাকিবলগীয়া হৈছে আৰক্ষীৰ লোকসকল ৷ দেওবাৰে এই আৰক্ষী সকলক সহায়ৰ অৰ্থে আগবাঢ়ি আহিছে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ৰসায়ন বিভাগৰ অধ্যাপকসকল ৷ মহাবিদ্যালয়খনৰ অধ্যাপকসকলে আৰক্ষীৰ লোকসকলৰ বাবে বিশেষভাৱে পৰীক্ষাগাৰত প্ৰস্তুত কৰি উলিয়াইছে চেনিটাইজাৰ ৷ জিলাখনৰ প্ৰতিগৰাকী আৰক্ষীৰ লোকক প্ৰদানৰ লক্ষ্যৰে মহাবিদ্যালয়খনৰ অধ্যাপকসকলে প্ৰস্তুত কৰি আছে চেনিটাইজাৰ ৷ ৰদে-বতাহে মানুহৰ ভীৰৰ মাজতো কৰ্তব্যত নিযোজিত হৈ থকা আৰক্ষীৰ লোকসকলক বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ে চেনিটাইজাৰ প্ৰদানৰ এনে প্ৰচেষ্টাক প্ৰশংসা কৰিছে সচেতন ৰাইজে ৷

আৰু পঢ়কঃ বহিঃৰাজ্যত আবদ্ধ সকললৈ হেল্প লাইন নম্বৰ মুকলি যুৱ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.