ETV Bharat / state

কলগাছিয়াৰ পৰা মক্কা আৰু মদিনালৈ যাত্ৰা ওমৰাহ হজযাত্ৰীৰ

author img

By

Published : Feb 18, 2022, 1:57 PM IST

বৰপেটা জিলাৰ কলগাছিয়াৰ পৰা শুকুৰবাৰে 12 জনীয়া ওমৰাহ হজযাত্ৰীৰ এটা দল গুৱাহাটীৰ অভিমুখে ৰাওনা হৈছে (Haj yatri starts their journey from Kalgasia) ৷ গুৱাহাটীৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হজযাত্ৰীসকলৰ লগত দিনৰ 2 বজাত মক্কা আৰু মদিনালৈ যাত্ৰা কৰিব হজযাত্ৰীৰ দলটো ৷

umrah_hajj
কলগাছিয়াৰ পৰা মক্কা আৰু মদিনালৈ যাত্ৰা ওমৰাহ হজযাত্ৰীৰ

জনীয়া, 18 ফেব্ৰুৱাৰী : ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা 45 জনীয়া হজযাত্ৰীৰ এটা দল শুকুৰবাৰে দিনৰ 2 বজাত গুৱাহাটী বিমানবন্দৰৰ পৰা সূদূৰ মক্কা আৰু মদিনা অভিমুখে ৰাওনা হ’ব (Haj yatri from across Assam to start their journey) । সেই অনুসৰি শুকুৰবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ পৰা 12 জনীয়া ওমৰাহ হজযাত্ৰীৰ এটা দল গুৱাহাটীৰ অভিমুখে ৰাওনা হৈছে ৷

ওমৰাহ হজযাত্ৰীসকলক বিদায় জনোৱা উপলক্ষে কলগাছিয়াত জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ উপস্থিতিত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানটোত ওমৰাহ হজযাত্ৰীসকলক আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ ট্ৰেভেলচৰ তৰফৰপৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

হজযাত্ৰীৰ দলটো গুৱাহাটীত উপস্থিত হোৱাৰ পাছত বৰঝাৰ বিমান বন্দৰৰ পৰা সুদূৰ মক্কা আৰু মদিনালৈ যাত্ৰা কৰিব ৷ উল্লেখ্য যে, 4 ফেব্ৰুৱাৰীৰ পৰা আমিনা ট্যুৰচ এণ্ড ওমৰাহ হজ ট্ৰেভেলচৰ জৰিয়তে ২৫ জন ওমৰাহ হজযাত্ৰীয়ে মক্কাত ওমৰাহ হজ পালন কৰি আছে । অহা মাৰ্চ মাহৰ বাবেও ট্ৰেভেলচ এজেন্সিটোত বুকিং প্ৰক্ৰিয়া চলি আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : ৰঙাপৰাত ৰেল দুৰ্ঘটনা : লাইনচ্যুত ১৬ টাকৈ ডবা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.