বৰপেটা, ৪ এপ্ৰিল: ৰাজ্যত ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ দেওবাৰে নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন ৷ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনটোত বৰপেটা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুৰ ৰহিম আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৷ বৰপেটা সমষ্টিৰ পালহাজীত অনুষ্ঠিত নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰীয়ে কয়, এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাতো নিশ্চিত ৷ ২, মেত বিজেপিৰ শ্ৰাদ্ধ হ’ব বুলিও মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
ৰঞ্জিত দাসক সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে, সৰভোগ সমষ্টিৰ পৰা পলাইছে ৰণজিৎ দাস আৰু পাটাছাৰকুছিত ৰঞ্জিত দাস হাৰিব ৷ লগতে তেওঁ কয় যদি বিজেপিৰ সভাপতিজনে হাৰে তেনেহলে বিজেপিৰ কেনেদৰে চৰকাৰ হ’ব ৷
এইবাৰ বিজেপিক অসমৰ পৰা বাহিৰ কৰি মহাজোঁটৰ দিছপুৰত চৰকাৰ হ’ব বুলি দাবী কৰে হাগ্ৰামা মহিলাৰীয়ে ৷
লগতে পঢ়়কঃ হাগ্ৰামাক চিৰদিনৰ বাবে হুজুৰে বন্দী কৰিছে: হিমন্ত বিশ্ব শৰ্মা