পাঠশালা, ২১ ডিচেম্বৰঃ ৰাজ্যৰ চৌদিশে কেব বিৰোধী আন্দোলন তীব্ৰতৰ হোৱা ক্ষণত শনিবাৰে আচম্বিতে চৰকাৰে বজালী মহকুমাক জিলা ঘোষণা কৰা কাৰ্য্যই উৎফুল্লিত কৰিছে পাঠশালাবাসীক ৷ কিন্তু তাৰ বিপৰীতে সৃষ্টি হৈছে কিছু প্ৰতিক্ৰিয়াৰ ৷ বজালী বিজেপিৰ সভাপতি নগেন চৌধুৰীৰ নেতৃত্বত পাঠশালা চাৰিআলিত বিজেপিৰ দ্বাৰা মিঠাই বিতৰণ কৰা হয় ৷ কিন্তু ইয়াৰ মাজতে বিজেপিয়ে পাঠশালা চাৰিআলিত আতঁচবাজী প্ৰদৰ্শন কৰিৱ বিচৰা কাৰ্যত আছু আৰু যুৱ ছাত্ৰ পৰিষদে বাধা আৰোপ কৰে ৷ বিশেষকৈ বজালীৰ যুৱক আব্দুল আলীমে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা ক্ষণত কোনো কাৰণতে বিজেপিক আঁতচবাজীৰ সুযোগ দিয়া নহ'ব বুলি যথাস্থানত উপস্থিত হৈ স্পষ্ট কৰি দিয়ে আছু আৰু যুৱ ছাত্ৰ পৰিষদে ৷ অন্যথা ইয়াৰ প্ৰতিবাদ কৰা হ'ব বুলি জনাই দিয়ে প্ৰতিবাদকাৰীসকলে ৷
আনহাতে, স্থানীয় একাংশ সচেতন নাগৰিকে বজালীক জিলা ঘোষণাৰ উপযুক্ত সময় এয়া নাছিল বুলি মন্তব্য কৰি এয়া চৰকাৰৰ ললীপপ আখ্যা দিয়ে ৷ সমবেত ৰাইজৰ মাজতে কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি লোৱা নহ'ব আৰু পূৰ্বতকৈ আন্দোলন তীব্ৰতৰ কৰা হ'ব বুলিও ঘোষণা কৰে আছু -যুৱ ছাত্ৰ পৰিষদে ৷
উল্লেখ্য যে, বজালীক জিলা ঘোষণাৰ আনন্দ উৎসৱ উপলক্ষে 22 ডিচেম্বৰত বিজেপিয়ে পাঠশালাত এটা সমদল উলিয়াব বুলি জানিবলৈ দিয়ে সভাপতি নগেন চৌধুৰীয়ে ৷ অৱশ্যে ঘোষণা অনুসাৰি জিলা ব্যৱস্থা তৎকালীনভাৱে কাৰ্য্যকৰী কৰিৱলৈও চৰকাৰক পাঠশালাবাসীয়ে আহ্বান জনায় ৷
আৰু পঢ়কঃ পৰিভ্ৰমী পক্ষীৰ কাকলিত মুখৰিত স্বৰ্গদেউ ৰূদ্ৰ সিংহৰ দিনৰে এখন চিৰিয়াখানা