ETV Bharat / state

ধনদা পাঠকলৈ লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা

author img

By

Published : Oct 15, 2020, 12:34 PM IST

বৰপেটা ৰত্ন, বিশিষ্ট শিল্পী-সাহিত্যিক গোকুল পাঠকৰ বুধবাৰে 95 জন্মদিন পালন কৰা হয় ৷ সেই উপলক্ষে আয়োজিত অনুষ্ঠানত ধনদা পাঠকক প্ৰদান কৰা হয় লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা ৷

gokul pathak birthday celebration in barpeta assam etv bharat news
গোকুল পাঠক

বৰপেটা,15 অক্টোবৰ: সত্ৰনগৰী বৰপেটাত গোকুল পাঠক বিহীন আছিল এয়া প্ৰথমটো জন্মদিন ৷ সাহিত্যিক গৰাকীৰ অবিহনে প্ৰথমটো জন্মদিন উদযাপন কৰে গুণমুগ্ধসকলে ৷ বৰপেটা ৰত্ন, ৰাজ্য চৰকাৰৰ বিষ্ণু ৰাভা বঁটা প্ৰাপক, সাহিত্যিক-পেঞ্চনাৰ, সত্ৰীয়া কৃষ্টি-সংস্কৃতিৰ সাধক, লোকসংগীত শিৰোমণি, বিষ্ণুৰাভাৰ সতীৰ্থ বৰপেটাৰ মহীৰূহ গোকুল পাঠকৰ 95 সংখ্যক জন্মদিন বুধবাৰে বৰপেটা জিলা পুথিভঁৰালত পালন কৰা হয় ৷ বিগত 10 মে’ত দেহাৱসান ঘটা পাঠকৰ অৱৰ্তমানত গুণমুগ্ধসকলে জন্মদিন উদযাপনৰ লগতে লোকসংগীতৰ সাধক গৰাকীৰ নামত প্ৰতি বছৰে প্ৰদান কৰি অহা লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটাৰ এইবৰ্ষৰ বঁটা প্ৰদান কৰে শিল্পী ধনদা পাঠকক ৷ বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকাৰে ধনদা পাঠকক প্ৰদান কৰে এই বঁটা ৷

লোকসংগীত শিৰোমণি গোকুল পাঠক বঁটা লাভ

অক্ষয় কুমাৰ মিশ্ৰৰ সভাপতিত্বত আয়োজিত উক্ত অনুষ্ঠানত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ সাহায্যৰে প্ৰকাশিত গোকুল পাঠকৰ বৰপেটা সত্ৰৰ ইতিহাস নামৰ গ্ৰন্থখনৰ নৱম সংস্কৰণ উন্মোচন কৰে বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷ তদুপৰি সাহিত্যিক গৰাকীৰ জীৱন বিষয়ক হৃষিকেশ দাসৰ ৰচনা আৰু পৰিচালনাৰে জুবিন গাৰ্গৰ কণ্ঠত বাণীবদ্ধ কৰা গীতৰ এটি এলবাম উন্মোচন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷ বিশিষ্ট সাহিত্যিক গোকুল পাঠকে পুনঃ প্ৰতিষ্ঠা কৰা ভাতকুছি থান সত্ৰ বিষয়ক উদ্ধৱ দাসে ৰচনা কৰা এখন গ্ৰন্থ উক্ত অনুষ্ঠানতে উন্মোচন কৰা হয় ৷

লগতে চাওকঃ শক্তিপীঠ কামাখ্যা ধামত সম্পূৰ্ণ ক’ভিড প্ৰট’কলৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.