ETV Bharat / state

জনিয়াত ৰাইজৰ তৎপৰতাত কৰায়ত্ব ছাগলী চোৰঃগতালে আৰক্ষীক - Goat thief caught at jania barpeta assam etv bharat crime news

বৰপেটাৰ জনিয়া অঞ্চলত দীৰ্ঘদিনৰ পৰা সংঘটিত হৈ আহিছে গৰু-ছাগলীকে ধৰি বিভিন্ন ধৰণৰ চুৰি কাৰ্য । ফলত নিদ্ৰাহৰণ হৈছে সাধাৰণ ৰাইজৰ । শনিবাৰে পুৱা জনিয়াৰ কাদং অঞ্চলৰ পৰা দুটা ছাগলী চুৰ কৰি আনি থকা অৱস্থাত চুৰিকাৰ্যত ব্যৱহৃত ফিয়েট পুলট’ এ এছ ০১ বি বি ৮৫৩৫ নম্বৰৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয় ৷ গাড়ীৰ চালকসহ দুজনকৈ চোৰে পলাবলৈ চেষ্টা কৰোতে উপস্থিত ৰাইজে খেদি খেদি এজন চোৰক কৰায়ত্ব কৰে ৷

Goat thief caught at jania barpeta assam etv bharat crime news
ছাগলী চোৰ কৰায়ত্ব
author img

By

Published : Mar 1, 2020, 3:33 AM IST

জনিয়া,29 ফেব্ৰুৱাৰীঃ বৰপেটাৰ জনিয়া অঞ্চলত দীৰ্ঘদিনৰ পৰা সংঘটিত হৈ আহিছে গৰু-ছাগলীকে ধৰি বিভিন্ন ধৰণৰ চুৰি কাৰ্য । ফলত নিদ্ৰাহৰণ হৈছে সাধাৰণ ৰাইজৰ । শনিবাৰে পুৱা জনিয়াৰ কাদং অঞ্চলৰ পৰা দুটা ছাগলী চুৰ কৰি আনি থকা অৱস্থাত চুৰিকাৰ্যত ব্যৱহৃত ফিয়েট পুলট’ এ এছ ০১ বি বি ৮৫৩৫ নম্বৰৰ গাড়ীখন দুৰ্ঘটনাত পতিত হয় ৷

ছাগলী চোৰ কৰায়ত্ব

ইফালে,দুৰ্ঘটনা সংঘটিত কৰিয়েই গাড়ীৰ চালকসহ দুজনকৈ চোৰে পলাবলৈ চেষ্টা কৰোতে উপস্থিত ৰাইজে খেদি খেদি এজন চোৰক কৰায়ত্ব কৰে ৷ কৰায়ত্ব চোৰজনক উত্তম-মধ্যম সোধাই বৰপেটা সদৰ আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে । বৃহত্তৰ জনিয়া এলেকাত চলি থকা জুৱা খেলৰ কাৰণে চোৰৰ উপদ্ৰৱ বাঢ়িছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । লগতে ধৃত চোৰটোক উচিত শাস্তি বিহিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে । চোৰটোক বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷

লগতে চাওকঃদলগাঁৱৰ জনাঞ্চলত গঁড়ৰ মুক্ত বিচৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.