ETV Bharat / state

শিক্ষকতাৰ পবিত্ৰ বৃত্তিক কুলষিত কৰা এগৰাকী "ছাৰ"!

author img

By

Published : Oct 10, 2019, 7:43 PM IST

ৰাজ্যত এতিয়া সুৰক্ষিত নহয় শিক্ষাৰ্থী ৷ খোদ শিক্ষকৰ হাততেই লাঞ্চিত হৈছে শিক্ষাৰ্থী ৷ বৰপেটা জিলাত সংঘটিত হৈছে এই কাণ্ড ৷ চাওঁক আমাৰ এই প্ৰতিবেদন ৷

অভিযুক্ত শিক্ষক আনিচুৰ ৰহমান আজাদ

বৰপেটা, 10 অক্টোবৰঃ মানৱ সম্পদ গঢ়া পবিত্ৰ বৃত্তিধাৰী এগৰাকী শিক্ষকৰ কৰ্মকাণ্ডত বিদ্যালয় এৰিবলৈ বাধ্য হৈছে একাংশ শিক্ষাৰ্থী ৷ বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ গুনিয়ালগুৰি এম ই মাদ্ৰাছাত সংঘটিত হৈছে এই কাণ্ড ৷

অধিক পঢ়কঃ জনীয়া উপ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বৰপেটাত বৃহৎ পৰিমানৰ বিলাতী সুৰা জব্দ

গুনিয়ালগুৰি এম ই মাদ্ৰাছাৰ শিক্ষক আনিচুৰ ৰহমান আজাদৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ মুখলজ্জা আৰু ভয়ৰ কাৰণে একাংশ শিক্ষাৰ্থীয়ে শিক্ষক আনিচুৰৰ কৰ্মকাণ্ড প্ৰকাশ কৰা নাছিল বাবেই দীৰ্ঘদিন ধৰি মাদ্ৰাছাখনৰ শিক্ষাৰ্থীসকলৰ ওপৰত যৌন নিৰ্যাতন চলাই আহিছিল শিক্ষক আনিচুৰ ৰহমান আজাদে ৷

অৱশেষত এগৰাকী সচেতন অভিভাৱকৰ তৎপৰতাত পোহৰলৈ আহে সমগ্ৰ কাণ্ড ৷ অভিভাৱক মিয়াচানে সমগ্ৰ ঘটনা সাংবাদিকৰ আগত ব্যক্ত কৰাৰ পিচতেই প্ৰায় দহৰো অধিক ছাত্ৰীয়ে শিক্ষকগৰাকীৰ কৰ্মকাণ্ড সাংবাদিকৰ আগত উল্লেখ কৰে ৷ শিক্ষাৰ্থীসকলে প্ৰকাশ কৰা তথ্য অনুসৰি, মাদ্ৰাছা শিক্ষক আনিচুৰ ৰহমান আজাদৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি বহুকেইগৰাকী শিক্ষাৰ্থীয়ে মাদ্ৰাছা ত্যাগ কৰিছে ৷ শেহতীয়াকৈ এগৰাকী শিক্ষাৰ্থীক অশ্লীল ভিডিঅ' দেখুৱাই গোপন অংগত হাত দিবলৈ চেষ্টা কৰোতেই শিক্ষাৰ্থীগৰাকীয়ে চিঞৰি পলাই সাৰে ৷

অধিক পঢ়কঃ ৰাজ্যত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ

ইয়াৰ পিচতেই একাংশ অভিভাৱক আৰু স্থানীয় ৰাইজে মাদ্ৰাছাখনত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঘটনা সন্দৰ্ভত অভিভাৱক মিয়াচানে কলগাছিয়া আৰক্ষীত এজাহাৰ দাখিল কৰাৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট শিক্ষকগৰাকীক ৷ ইতিমধ্যে বৰপেটা চাইল্ড লাইনৰ সমন্বয়ক ৰফিকুল ইছলামে ছাত্ৰী-ছাত্ৰীসকলক সাক্ষাৎ কৰাৰ লগতে ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

Intro:slug: as_jania_10oct_sexual_harassment_by_teacher_vis3+byt5+pho2_exclusive_spl_pkg_story_asc10058

Anchor: একাধিক ছাত্ৰীক দীৰ্ঘ দিনৰ পৰাই অসাধু শিক্ষকে চলাই আহিছে যৌন নিৰ্যাতন। ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ গুনিয়ালগুৰি এম ই মাদ্ৰাছৰ অসাধু শিক্ষক আনিচুৰ ৰহমান আজাদ নামৰ শিক্ষকজনে সংঘটিত কৰিছে এনে লজ্জাজনক ঘটনা। লম্পট শিক্ষকজনৰ যৌন নিৰ্যাতন সহ্য কৰিব নোৱাৰি বহু কেইগৰাকী ছাত্ৰীয়ে বিদ্যালয় ত্যাগ কৰাৰ অভিযোগ ছাত্ৰী সকলৰ। লম্পট শিক্ষক জনক কলগাছিয়া আৰক্ষীয়ে কৰিছে কৰায়ত্ব।Body:slug: as_jania_10oct_sexual_harassment_by_teacher_vis3+byt5+pho2_exclusive_spl_pkg_story_asc10058

VO: পবিত্ৰ বৃত্তিধাৰী তথা মানৱ সম্পদ গঢ়া শিক্ষকৰ দ্বাৰা পুনৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ এক লজ্জাজনক ঘটনা পোহৰলৈ আহিছে। বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত পূৱ গুনিয়ালগুৰি এম ই মাদ্ৰাছত ঘটিছে শিক্ষক সমাজক লজ্জানত কৰা এই ঘৃণনীয় ঘটনা। ঘটনাৰ বিৱৰণী মতে উক্ত মাদ্ৰাছাখনৰ লম্পট শিক্ষক আনিচুৰ ৰহমানে দীৰ্ঘ দিনৰ পৰাই চলাই আহিছে ছাত্ৰী সকলক যৌন নিৰ্যাতন। লজ্জা আৰু ভয়ৰ কাৰণে ছাত্ৰী সকলে এই কথা প্ৰকাশ কৰা নাছিল যদিও এগৰাকী সচেতন অভিভাৱকৰ ততপৰতাত পোহৰলৈ আহে এই ঘৃণনীয় ঘটনা। অভিভাৱক গৰাকীয়ে এই ঘটনা সাংবাদিকক অৱগত কৰাৰ পাছত দহ গৰাকীৰো অধিক ছাত্ৰয়ে শিক্ষক আনিচুৰৰ অপকৰ্মৰ বিৰুদ্ধে সংকোচ বিহীন ভাৱে সাংবাদিকৰ আগত প্ৰকাশ কৰে। শিক্ষকজনে পঢ়োৱাৰ চলেৰে পিছফালৰ পৰা আহি প্ৰায়গৰাকী ছাত্ৰীক বুকুত ধৰাৰ অভিযোগ। শিক্ষকজনৰ এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি ইতিমধ্যে বহু কেইগৰাকী ছাত্ৰীয়ে বিদ্যালয় ত্যাগ কৰাৰ পোৱা গৈছে ভয়ংকৰ অভিযোগ। তাতোতকৈ ঘৃণনীয় ঘটনাটো হৈছে এগৰাকী উঠা অহা এগৰাকী ছাত্ৰীক অশ্লীল ভিডিঅ দেখুৱাই বেয়া কাম কৰিব ধৰাত চিঞৰি পলাই সাৰে ছাত্ৰী গৰাকীয়ে। আজি পুৱা শতাধিক পুৰুষ-মহিলা অভিভাৱক ৰাইজ বিদ্যালয়খনত উপস্থিত হৈ এক হুলস্থূলীয়া পৰিবেশ সৃষ্টি কৰে। অভিভাৱক মিয়াচানৰ এজাহাৰৰ ভিত্তিত লম্পট শিক্ষক জনক কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে। স্থানীয় ৰাইজে ঘটনাৰ তদন্ত সাপেক্ষে লম্পট শিক্ষক আনিচুৰ ৰহমান আজাদৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। উল্লেখ্য যে, চাইল্ড লাইনৰ বৰপেটা জিলাৰ সমন্বয়ক ৰফিকুল ইছলামে চাইল্ড লাইনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে কি ধৰণৰ সহায় গ্ৰহণ কৰিব পাৰে সেই সম্পৰ্কে বুজাই কোৱা উপৰি শিক্ষক আনিচুৰ ৰহমানৰ অপকাণ্ডৰ বিৰুদ্ধে ৰাইজক সহায় কৰিব বুলিও প্ৰকাশ কৰে।

Exclusive Package Story

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।Conclusion:slug: as_jania_10oct_sexual_harassment_by_teacher_vis3+byt5+pho2_exclusive_spl_pkg_story_asc10058

Byte: ছাত্ৰী সকল, প্ৰধান শিক্ষক, চাইল্ড লাইনৰ সমন্বয়ক ৰফিকুল ইছলাম আৰু অভিভাৱকৰ মন্তব্য।

Exclusive Package Story

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.