ETV Bharat / state

বিজেপিক বাংলাদেশী জনতা পাৰ্টি আখ্যা গৌৰৱ গগৈৰ

বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে সাংসদ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ লগতে ৰিপুন বৰা আৰু দেৱব্ৰত শইকীয়াই

গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা
author img

By

Published : Apr 17, 2019, 7:31 PM IST

বৰপেটা, 17 এপ্ৰিল : আমি মিলনৰ অসম বনাব বিচাৰো ৷ এইয়া হ'ল মহাত্মা গান্ধীৰ ভাৰত, জৱহৰলাল নেহৰু, সুভাষ চন্দ্ বসুৰ ভাৰত ৷ যি সাম্প্ৰদায়িক কথা কয়, মানুহৰ মাজত ভয় আৰু হিংসা সৃষ্টি কৰিবলৈ বিচাৰে তাৰ বিৰুদ্ধে আইন বনাম আমি ৷ বুধবাৰে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে মন্তব্য কৰে সাংসদ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৷ উক্ত সভাতে বিজেপিক বাংলাদেশী জনতা পাৰ্টি বুলিও কটাক্ষ কৰে গৌৰৱ গগৈয়ে ৷ ইপিনে বৰপেটাত আহিলে পাকিস্তানত অহা যেন লাগে বুলি হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক উভতি ধৰি বৰপেটাবাসীৰ ওচৰত ক্ষমা খুজিবলৈ সভাৰ পৰাই আহ্বান জনায় গৌৰৱ গগৈয়ে ৷

গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা

আনহাতে উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি বিহু এৰি বৰপেটাবাসীয়ে এই সভালৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি অবিভক্ত গোৱালপাৰাক পশ্চিম বংগৰ সৈতে চামিল কৰাৰ পৰা আৰম্ভ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতালৈকে সকলো ক্ষেত্ৰতে কংগ্ৰেছে অসমৰ হকে সংগ্ৰাম কৰি অহা বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ কংগ্ৰেছৰ উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত সভাত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কংগ্ৰেছৰ বহু কেইগৰাকী বিধায়ক উপস্থিত থাকে ৷

উল্লেখ্য যে, বৰপেটাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণৰ পূৰ্বেই বৰপেটা সত্ৰত উপস্থিত হৈ আশীষ গ্ৰহণ কৰে গৌৰৱ গগৈয়ে ৷

Slug:     A_BAR_17_APR_807_GOURAV_GOGOI_ELECTION_SPEECH_VIS_BAPKAN_DAS.                                       

 বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী গন সমাবেশ ৷
সাংসদ গৌৰৱ গগৈয়ে কলে- বিজেপি মানে বাংলাদেশী জনতা পাৰ্টি
হিমন্তকো সমালোচনাঃ বৰপেটাবাসীৰ ওচৰত ক্ষমা খুজিবলৈ দাবী ৷

বৰপেটা, ১৭ এপ্ৰিলঃ বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ নিৰ্বাচনী জন সমাবেশত অংশগ্ৰহন কৰি গৌৰৱ গগৈয়ে আজি হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কপাৰ লগতে বিজেপিক বাংলাদেশী জনতা পাৰ্টি বুলি অভিহিত কৰে ৷
বৰপেটাক পাকিস্থানৰ সতে তুলনা কৰা হিমন্তক সমালোচনা সাংসদ গৌৰৱ গগৈৰ ৷
বৰপেটালৈ গলে ভাল নালাগে বুলি কোৱা, বৰপেটাক পাকিস্তান যেন লগা বুলি কোৱা হিমন্তবিশ্ব শৰ্মাক বৰপেটাৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী সাংসদ গৌৰৱ গগৈৰ ৷
হিমনিত বিশ্ব, শিলাদিত্য দেৱ আদি ৰাজনৈতিক নেতাই কৰা সাম্প্ৰদায়িক মন্তব্যৰো বিৰোধিতা গৌৰৱ গগৈৰ ৷ কেন্দ্ৰত ৰাহুল গান্ধীৰ নেতৃত্বত চৰকাৰ হলে এনে সাম্প্ৰদায়িক মন্তব্য কৰা নেতাসকলৰ বিৰুদ্ধে আইন প্ৰনয়ন কৰিব বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ যিসকলে সাম্প্ৰদায়িক ৰাজনীতি কৰে, মানুহৰ মাজত ভয় আৰু হিংসা বিয়পাই দিব বিচাৰে তেওলোকক ৰাজনীতি এৰিবলৈ বাধ্য কৰিব গৌৰৱ গগৈয়ে ৷ 
অগপ বিজেপিক সমালোচনা কৰি তেওলোকে বাংলাদেশীৰ ভোটৰ বাবে লালায়িত বুলি সমালোচনা কৰে ৷ আনহাতে বিজেপিক বাংলাদেশী জনতা পাৰ্টি বুলিও অভিহিত কৰে গৌৰৱ গগৈয়ে ৷

স্পীচ্ছঃ গৌৰৱ গগৈ ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.