ETV Bharat / state

কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয়: গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰতিক্ৰিয়া

author img

By

Published : Oct 26, 2020, 2:16 PM IST

মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় স্থাপন সন্দৰ্ভত ৰাজ্যজুৰি আৰম্ভ হৈছে প্ৰতিক্ৰিয়া ৷ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে এই সংগ্ৰহালয় স্থাপনৰ বাবে দাবী উত্থাপন কৰিছিল ৷

gariya mariya leader reaction on miya museum barpeta assam etv bharat news
কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় সন্দৰ্ভত প্ৰতিক্ৰিয়া

বৰপেটা,26 অক্টোবৰ: অসম চুক্তিৰ আধাৰত 855 গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত স্থাপিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া সংগ্ৰহালয় স্থাপনৰ দাবীক কেন্দ্ৰ কৰি সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক হাছিবুল ইছলামে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷ মিঞা সংগ্ৰহালয় যদি স্থাপন কৰিব লাগে,তেন্তে সেই সংগ্ৰহালয় চৰাঞ্চলত স্থাপন কৰক আৰু উক্ত সংগ্ৰহালয়ত শ্বেৰমান আলী আহমেদে নিজক সংৰক্ষণ কৰক বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৷

এনে কৰিলে সংগঠনটোৰ কোনো আপত্তি নাথাকে ৷ যি কাৰ্যই অসমীয়া কৃষ্টি-সংস্কৃতিক বিনষ্ট কৰিব পাৰে, তেনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈকো নেতা গৰাকীয়ে সকিয়াই দিয়ে বিধায়ক শ্বেৰমান আলী আহমেদক ৷ অন্যথা ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ প্ৰদান কৰে নেতাজনে ৷

লগতে চাওকঃ তেজপুৰ জাহাজঘাটত দেৱী বিসৰ্জনৰ কাৰ্যসূচী আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.