ETV Bharat / state

কলগাছিয়াত ঘৰে ঘৰে কৰিছে ভাঙৰ খেতি - #assam police

ধান-মাহৰ সলনি কলগাছিয়াত ঘৰে ঘৰে আছে ভাং খেতি ৷ কলগাছিয়া আৰক্ষীৰ চকুৰ আগতে অঞ্চলটোৰ ৰাইজে কৰিছে ভাং খেতি ৷ দেখিও নেদেখাৰ ভাও আৰক্ষী প্ৰশাসনৰ ৷ এই অভিযোগ কৰিছে আমছুৱে ৷

ganja farming destroy at kalgachia
কলগাছিয়াত ঘৰে ঘৰে কৰিছে ভাঙৰ খেতি
author img

By

Published : Aug 21, 2021, 4:19 PM IST

জনীয়া,21 আগষ্ট: অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে সষ্টম হৈছে অসম আৰক্ষী ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি গ্ৰহণ কৰিছে অসম আৰক্ষীয়ে ৷ দুৰ্নীতি তথা অপৰাধ নিৰ্মূলৰ হকে ৰাজ্য প্ৰশাসন কঠোৰ হোৱাৰ পাচটো নাকী লগাবলৈ সক্ষম হোৱাৰ নাই অপৰাধীক ৷

কলগাছিয়াত সংঘটিত হৈছে এনে এক ঘটনা ৷ আৰক্ষীৰ ৰঙা চকুলৈ ভয় নকৰি কলগাছিয়াত ঘৰে ঘৰে ৰোপন কৰিছে ভাঙৰ খেতি ৷ কলগাছিয়া আৰক্ষী থানাৰ পৰা মাত্ৰ 500 মিটাৰ নিলগৰ উত্তৰ-পূব কলগাছিয়াৰ তমছেৰ আলী, জয়া বেগম, পহিনুৰ ইছলাম আৰু কাশেম আলী ইত্যাদি ব্যক্তি সকলে ঘৰৰ চৌহদতে কৰিছে ভাঙৰ খেতি ৷

কলগাছিয়াত ঘৰে ঘৰে কৰিছে ভাঙৰ খেতি

মাত্ৰ 500 মিটাৰ নিলগতে আৰক্ষীৰ চকীখন থকাৰ পাছতো কাকো গুৰুত্ব নিদিয়াকৈ অতি মুকলিকৈয়ে অঞ্চলটোৰ ৰাইজে কৰি গৈছে ভাঙৰ খেতি ৷

লগতে পঢ়ক: বদৰপুৰত ৰাইজে হাতে-লোটে ধৰিলে গৰু চোৰক

আনহাতে, কলগাছিয়াৰ এই ভাঙ খেতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক দুব্যৱহাৰ কৰাৰ লগতে সাংবাদিকক প্ৰহাৰ কৰিবলৈয়ো উদ্যত হৈছিল একাংশ ৰাইজে ৷ এই অভিযোগ উত্থাপন কৰিছে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিসকলে ৷ অভিযোগ অনুসৰি, এই অঞ্চলৰ পৰা সঘনে সৰবৰাহ হয় লাখ লাখ টকাৰ ভাং ৷

ইফালে এইবোৰ দেখি-শুনিও যেন নিশ্চুপ আৰক্ষী প্ৰশাসন ৷ এই অভিযোগ কৰিছে আমছুৰ নেতাই ৷ আনহাতে, আৰক্ষীৰ নাকৰ তলতে এইদৰে ঘৰে ঘৰে ভাং খেতি কৰাত স্তম্ভিত হৈ পৰিছে সচেতন মহল ।

ইয়াৰ মাজতেই আকৌ সাংবাদিকৰ কেমেৰা দেখি ভাং গছ কাটিবলৈ আৰম্ভ কৰে এগৰাকী মহিলাই । মহিলাগৰাকীৰ মতে, ভাং খেতি তেওঁলোকে কৰা নাই ৷ সেয়া নিজে নিজে হোৱা গছহে ৷ কিন্তু সচেতন ৰাইজৰ প্ৰশ্ন, কেনেদৰে নিজে নিজে ডৰাই-ডৰাই হ’ব পাৰে ভাঙৰ খেতি !

ইফালে আমছুকে ধৰি আন আন সংগঠনৰ অভিযোগ, মোটা অংকৰ কমিচনৰ লোভত দেখিও নেদেখাৰ ভাও জুৰিছে কলগাছিয়া আৰক্ষীয়ে ৷ শীঘ্ৰে ভাং ব্যৱসায়ীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে বিভিন্ন দল সংগঠনৰ সদস্য সকলে ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সেনাৰ গুলীত ধৰাশায়ী তিনি সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.