বৰপেটা 8 নৱেম্বৰঃ বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেঙা শালদিয়াপাৰাত দেওবাৰে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ তৎপৰতাত এটি আৰক্ষীৰ দলে জুৱাৰ বিৰুদ্ধে অভিযান চলাই । এই অভিযানত দুটাকৈ জুৱাৰীক জুৱাত ব্যৱহৃত সামগ্ৰীসহ হাতেলোটে আটক কৰিবলৈ সক্ষম হয় ।
বৰপেটাৰ তাৰাবাৰী আৰক্ষীৰ জালত জুৱাৰী ধৃত জুৱাৰী দুটা ক্ৰমে চেঙা শালদিয়াপাৰাৰ অনন্ত পাঠকৰ পুত্ৰ চিন্টু পাঠক (২০) আৰু সুবল ৰয়ৰ পুত্ৰ প্ৰণৱ ৰয়(২৬) বুলি জানিব পৰা গৈছে । ধৃত জুৱাৰী দুটাৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব বুলি জানিবলৈ দিয়ে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে।লগতে পঢ়কঃ
ৰাইজৰ দল আৰু এজেপিক ঐক্যবদ্ধ হোৱাৰ আহ্বান কৃষক নেতা ধৈৰ্য কোঁৱৰৰ